অসম

assam

By

Published : Jul 7, 2021, 2:20 PM IST

ETV Bharat / state

অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিলে গৃহৰক্ষী জোৱানক

চিৰাঙৰ কাজদহাত চাঞ্চল্যকৰ ঘটনা । গৃহৰক্ষী জোৱানক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা অজ্ঞাত দুৰ্বৃত্তৰ । এই কাৰ্যৰ তীব্ৰ গৰিহণা আমছুৰ ৷

homgard-is-killed-by-unknown-assailant
দুৰ্বৃত্তই হত্যা কৰিলে গৃহৰক্ষী জোৱানক

চিৰাং, 7 জুলাই : চিৰাঙৰ কাজদহাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ ঘটনা অনুসৰি বিজনী থানাত কৰ্তব্যৰত গৃহৰক্ষী জোৱানজনে নিজ কৰ্তব্য সামৰি নিজ ঘৰলৈ যোৱা বাটতে কোনো দুৰ্বৃত্তই ঘপিয়াই হত্যা কৰে ৷ মৃত জোৱানজনৰ নাম ইয়াদ আলী (45) বুলি জানিব পৰা গৈছে ৷

দুৰ্বৃত্তই হত্যা কৰিলে গৃহৰক্ষী জোৱানক

এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ কাছদহা অঞ্চলত । ঘটনাস্থলীত চিৰাঙৰ আৰক্ষী অধিক্ষক গৌৰৱ উপাধ্যায়, বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি আৰু বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয় উপস্থিত হয় । উল্লেখ্য যে, আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে । চিৰাঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে এয়া এক পৰিয়ালকেন্দ্ৰিক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ।

ঘটনাস্থলীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ উপস্থিত হৈ ঘটনাটোৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে হত্যাকাৰীক অতি শীঘ্ৰেই কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:ট্ৰেজেডী কিঙৰ দেহাৱসান

ABOUT THE AUTHOR

...view details