চিৰং, 2 এপ্ৰিল :"হাগ্ৰামা-বাথাৰ সম্পৰ্কৰ প্ৰমাণ দিব হিমন্ত বিশ্ব শৰ্মাই ৷ আজমল সৈতে লগলাগি সকলোকে বাংলাদেশলৈ খেদুওৱা ষড়যন্ত্ৰ ৰছিচে হাগ্ৰামাই ৷" এই মন্তব্যৰে আজি চিৰাঙত প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই ৷
শুকুৰবাৰে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় হিমন্ত বিশ্ব শৰ্মাই ৷ ৩১ নং চিদলী বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত হিমন্তই কলে, হাগ্ৰামা-বাথাৰ সম্পৰ্কৰ সকলোবোৰ প্ৰমাণ তথ্য সহকাৰে নিৰ্বাচন আয়োগক দাখিল কৰা হ'ব ৷