চিৰাং, 6 জানুৱাৰীঃচিৰাঙৰ দৈজিং উৎসৱত সোমবাৰে অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে বক্সিং ফেডাৰচন অৱ ইণ্ডিয়াই আয়োজন কৰা উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাৰ ফাইনেল খেল উপভোগ কৰাৰ লগতে পুৰস্কাৰো বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী হিমন্তৰ লগতে দৈজিং উৎসৱত উপস্থিত থাকে চন্দন ব্ৰহ্ম, বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰীসহ বহুগৰাকী ৷ মুকলি সভাত অংশ লৈ দৈজিং উৎসৱ আয়োজকৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে দৈজিং উৎসৱ অসম পৰ্যটনৰ কেলেণ্ডাৰ উৎসৱত অন্তৰ্ভুক্ত হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্তই । এই উৎসৱত বিগত বছৰত ৬/৭ কোটি টকা দিয়া হৈছিল, চলিত বৰ্ষতো দৈজিং উৎসৱৰ বাবে চৰকাৰৰ পৰা ৬ কোটি টকা দিয়া হৈছে বুলি সদৰী কৰে মন্ত্ৰী গৰাকীয়ে ।
বিটিচিৰ নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব বিজেপিঃ হিমন্ত বিশ্ব শৰ্মা - dwijing festival
চিৰাঙৰ দৈজিং উৎসৱত সোমবাৰে উপস্থিত থাকে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিটিচি নিৰ্বাচনত বিজেপিয়ে শক্তিশালীভাৱে প্ৰতিদন্দিতা কৰিব বুলি মন্তব্য হিমন্তৰ ।
আনহাতে, প্ৰফুল্ল মহন্তই হিমন্তক কৰা সমালোচনাক প্ৰত্যুত্তৰ দি কয় যে “প্ৰফুল্ল মহন্তৰ চৰিত্ৰ অসমবাসীয়ে জানে”। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে প্ৰভাৱিত কৰা নাই অসমৰ জনতাক । লগতে ভাৰতীয় জনতা পাৰ্টীৰ সভাত হিলদল ভাঙি আহি ৰাইজৰ অংশগ্ৰহন কৰা কথাও ব্যক্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাই । তাৰোপৰি, ৭ জানুৱাৰী অৰ্থাৎ কাইলৈ বিশ্বনাথ চাৰিআলিত বিজেপিৰ সভা অনুষ্টিত হ'ব ৷ য’ত ৫০ হাজাৰ মানুহ হ’ব বুলি দাবী কৰাৰ লগতে ৮ জানুৱাৰীত ধেমাজিত বিজেপিৰ সভাত ডেৰ লাখ মানুহ হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । বিটিচি নিৰ্বাচনৰ প্ৰসংগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, বিটিচিৰ নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব বিজেপি । বিপিএফৰ লগত থকা সম্পৰ্ক নষ্ট নকৰাকৈ হ’ব অৱতীৰ্ণ ৷ বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা নিৰ্ভৰ কৰিব বিপিএফ দলৰ লগত ।