চিৰাং, 15 এপ্ৰিল : পহিলা ব'হাগৰ দিনাও নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰী৷ গুৱাহাটীৰ পৰা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীক লগত লৈ হেলিকপ্টাৰেৰে চিৰাং জিলাৰ নাঙলভাঙাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হাগ্ৰামা মহিলাৰী৷ সভাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে দেখিবলৈ পোৱা গ'ল বিপিএফৰ অন্যান্য নেতা সকলক ।
নাঙলভাঙাত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ - hagrma mahilari
সাংসদ বিশ্বজিৎ দৈমাৰীৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলায় বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷ সভাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে দেখিবলৈ পোৱা গ'ল বিপিএফৰ অন্যান্য নেতা সকলক ।
সভাত এনডি এফ বি আৰু এবছুক লগত লৈ ইউ পি পি এলে বিপিএফ ক বদনাম কৰি নিৰ্বাচনত জয়ী হবলৈ ক্ষড়যন্ত্ৰ ৰচা বুলি উল্লেখ কৰে বিটিছি প্ৰধান গৰাকীয়ে৷ বি পি এফৰ বিৰোধিতা কৰাৰ বাবেই 15 টা বছৰে নাঙলভাঙাত উন্নয়ন সীমিত বুলিও প্ৰকাশ কৰে হাগ্ৰামাই৷ বিপিএফে শাসন দখলৰ বাবে সুবিধা বিছাৰি থাকে বুলি নিজৰ দলৰ বিষয়ে দম্ভ কৰে হাগ্ৰামাই৷ বিপিএফে কেতিয়াও বিৰোধী দল হৈ থাকিব নিবিচাৰে বুলি কৈ হাগ্ৰামাই উল্লেখ কৰে যে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা পালে কংগ্ৰেছৰ লগত আৰু ইউ ডি এফে সংখ্যাগৰিষ্ঠতা পালে ইউ ডি এফৰ লগ লাগিবলৈও বিপিএফে কুণ্ঠাবোধ নকৰে বুলি উল্লেখ কৰে বিটিছি প্ৰধানজনে৷