চিৰাং,7 ডিচেম্বৰ :সোমবাৰে অনুষ্ঠিত বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতে হাগ্ৰামা মহিলাৰীৰ মন্তব্য ৷ বিটিচিত কি হৈছে কি হোৱা নাই সেয়া বিটিচি বাসীয়ে জানে, ১৫ বছৰৰ আগত কি আছিল আৰু এতিয়া কি হৈছে সেয়া বিটিচিবাসীয়ে ক'ব ৷ মুঠতে বিটিচিত চৰকাৰ বিপিএফৰে হ'ব ৷
বাক্সা আৰু ওদালগুৰিত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতে চিৰাঙৰ নাঙল ভাঙাৰ সভাত অংশ গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ কথা কোনোবাই শুনে নেকি ? ৰঞ্জিত দাসৰ কথাৰ কোনো ভ্যেলু নাই ৷ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত কোনো ৰিগিং হোৱাৰ তথ্য পোৱা নাই যদিও কোনো ঠাইত ৰিগিং হ'লে পুনৰ ভোটগ্ৰহণৰ দাবী জনোৱাৰ কথা উল্লেখ কৰে হাগ্ৰামাই।