চিৰাং,৪ ডিচেম্বৰ: বৃহস্পতিবাৰে পুৱাই চিৰাঙত বাইক ৰেলীৰ আয়োজন কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় গণ সুৰক্ষা পাৰ্টীয়ে । জিলাখনৰ হাস্ৰাওবাৰীৰ পৰা দলটোৰ কৰ্মকৰ্তাই বাইক ৰেলী উলিয়ায় । আজি ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অৰ্পণা দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় দলৰ নেতা-কৰ্মীয়ে । ৰেলীত অংশ লৈ অৰ্পণা দাসে কয় যে, অবড়ো লোকৰ জাতি-মাটি-ভেঁটি ৰক্ষাৰ বাবে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগবাঢ়ি আহিছে আৰু সমষ্টিৰ ৰাইজে তেখেতক আঁকোৱালি লৈছে।
চিৰাঙত গণ সুৰক্ষা পাৰ্টীৰ বাইক ৰেলী - _CHIRANG
বিটিচি নিৰ্বাচনক লৈ চিৰাঙত ৰাজনৈতিক দলৰ প্ৰস্তুতি তুংগত । আজি চিৰাঙত গণ সুৰক্ষা পাৰ্টীৰ বাইক ৰেলী । দলটোৱে বিটিচিত ৩০ খনতকৈ অধিক আসন লাভ কৰাৰ দাবী ১৫নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অৰ্পণা দাসৰ ।
চিৰাঙত গণ সুৰক্ষা পাৰ্টীৰ বাইক ৰেলী
সেয়ে, জয় নিশ্চিত বুলি কোৱাৰ লগতে বিটিচিত ৩০ খনতকৈ অধিক আসন লাভ কৰি পৰিষদ গঠন কৰিব বুলিও মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে । দুবাৰকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা নৱ শৰণীয়াই গণ সুৰক্ষা পাৰ্টী গঠন কৰি বিটিচি পৰিষদ গঠনৰ পৰিকল্পনা কৰিছে ।