অসম

assam

ETV Bharat / state

চিৰাঙত বিশ্ব পৰিৱেশ দিৱস পালন ৰাজ্যপালৰ - hariyali

ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে চিৰাং জিলা ভ্ৰমণ ৰাজ্যপাল জগদীশ মুখীৰ ৷ "হাৰিয়ালি" আঁচনিৰ উদ্ধোধন ৷ চিৰাঙত 40 লাখ গছপুলি ৰোপণৰ প্ৰতিশ্ৰুতি ৷

governor visited chirang
চিৰাঙত বিশ্ব পৰিবেশ দিৱস পালন ৰাজ্যপালৰ

By

Published : Jun 5, 2020, 10:58 PM IST

চিৰাং , 5 জুনঃ বিটিচিত ৰাজ্যপালৰ শাসন বলবৎ হোৱাৰ পাছত শুকুৰবাৰে সপ্তমবাৰৰ বাবে চিৰাং জিলা ভ্ৰমণ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ ৰাতিপুৱা ১১ বজাত চিৰাং জিলাৰ কাজলগাঁওস্থিত ১৫ নং বেটেলিয়ন এচএচবিৰ মুখ্য কাৰ্যালয়ত অনুষ্টিত বিশ্ব পৰিৱেশ দিৱসত অংশগ্ৰহণ কৰে ৰাজ্যপাল গৰাকীয়ে ৷ এচএচবিৰ 1500 বৃক্ষৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে ৰাজ্যপাল গৰাকীয়ে ৷ "হাৰিয়ালি"আঁচনিৰ উদ্ধোধন কৰি কয় যে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এই আঁচনিৰ উদ্ধোধন কৰা হৈছে আৰু জুন,জুলাই আৰু আগষ্ট মাহৰ ভিতৰত বিটিচিৰ চাৰি জিলাত ৪০ লাখ গছপুলি ৰোপণ কৰা হ'ব । প্ৰতিখন জিলাত দহ লাখকৈ গছ পুলি ৰোপণ কৰিব । বিশেষকৈ বনাঞ্চল আৰু চৰকাৰী কাৰ্য্যালয় সমুহত এই গছপুলি ৰোপণ হ'ব । বিটিচিয়ে বিনামুলীয়াকৈ ৰাইজলৈ গছপুলি যোগান ধৰাৰ কথাও জানিবলৈ দিয়ে ৷ সৰ্বসাধাৰণক প্ৰত্যেকজনকেই ৫ টাকৈ গছ পুলি ৰোপণ কৰিবলৈ আহ্বান জনায় ৰাজ্যপাল গৰাকীয়ে ৷ বিটিচিৰ ভৌগোলিক পৰিৱেশ বৰ সুন্দৰ আৰু বিভিন্ন গছ গছনিৰে আৱৰা যদিও ইতিমধ্যে দুষ্কৃতিকাৰীয়ে বনাঞ্চল ধ্বংশ কৰি পৰিৱেশ বিনষ্ট কৰিছে । গতিকে ৰাজ্যপালে এই ক্ষেত্ৰত বন বিভাগক কঠোৰ নিৰ্দেশনা দিছে বনাঞ্চল ৰক্ষাৰ বাবে । ইয়াৰ মাজতে চোৰাং কাঠ আৰু ইয়াৰ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশনা দিছে ৰাজ্যপাল গৰাকীয়ে । যিখিনি বনাঞ্চল ধ্বংশ হৈছে সেয়া এই হাৰিয়ালি আঁচনিত গছপুলি ৰোপন কৰি পুনৰ উদ্ধাৰ কৰাৰ আস্বাস দিয়ে ৰাজ্যপালে । লগতে তেখেতে উল্লেখ কৰে যে , এয়া এক জটিল সময় য’ত আমি সকলোৱে একত্ৰিত হৈ দেশৰ অৰ্থনৈতিক দিশৰ উন্নতি কৰিব লাগিব । গ্ৰামাঞ্চলক নগৰলৈ ৰূপান্তৰিতকৰণ আৰু কৃষি ভূমিত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠা হ’লেও আমি আমাৰ কৃষক আৰু কৃষি ভূমিৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব । কৃষৰ উন্নয়ন দুগুণ কৰিব লাগিব । বিটিচিৰ বন সংৰক্ষিত অঞ্চল যেনে মানস ৰাষ্ট্ৰীয় উদ্যান, বৰনদী বন্যপ্ৰাণী সুৰক্ষা উদ্যান,চক্ৰশিলা বন্যপ্ৰাণী সুৰক্ষা উদ্যানআদিৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্ব দিব লাগিব ।

চিৰাঙত "হাৰিয়ালি" আঁচনিৰ উদ্ধোধন

ইয়াৰ পিচতে ৰাজ্যপালে চিৰাং জিলা সদৰ কাজলগাঁওত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক সভাত মিলিত হয় বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে । মূলত চাৰিটা বিষয়লৈ এই সভাত মিলিত হয় । কোভিড-১৯ প্ৰতিৰোধ কৰা,কৃষকৰ উন্নয়ন দুগুণ কৰা,দুৰ্নীতি ৰোধ কৰা,ৰাইজৰ দৰবাৰ সঠিক ভাৱে বহোৱা,চৰকাৰী আঁচনি সমুহৰ সঠিক ৰূপায়ণ কৰা, বিটিচি অঞ্চলৰ উন্নয়ন কৰা । এই সভাত বিটিচিৰ আই জিপি অনুৰাগ আগৰৱালা,বিটিচিৰ উপায়ুক্তসকল,জিলা আৰক্ষী অধিক্ষক সকল,বিভিন্ন নিৰাপত্তা বাহিনীৰ বিষয়া সকল,বিভিন্ন বিভাগৰ বৰমূৰীয়াসকল উপস্থিত থাকে। বিটিচিত ৰাজ্যপালে নিয়োগ কৰা প্ৰশাসক ৰাজেশ প্ৰসাদে বিটিচিৰ চাৰিও জিলাৰ জিলা প্ৰশাসনৰ সৈতে সঘনাই যোগসুত্ৰ ৰক্ষা কৰি সকলো দিশত সুক্ষ্ম পৰ্যবেক্ষণ কৰাৰ নিৰ্দেশ দিয়ে । চিৰাং জিলাৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জিলাবাসীৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্বৰে কাম কৰাৰ নিৰ্দেশ দিয়ে। চিৰাং জিলাত বহু কম সংখ্যক ক'ৰণা ৰোগী ধৰা পৰিছে যদিও জিলাখনত কৰ'ণা প্ৰতিৰোধৰ বাবে সকলো বিষয়তে গুৰুত্ব প্ৰদান কৰি আইনী ব্যৱস্থাৰে আগবঢ়াৰ নিৰ্দেশ দিয়ে । প্ৰতিটো বিভাগৰ আঁচনি সমুহৰ ৰূপায়ণ সঠিক ভাৱে হৈছে নে নাই সেই সমুহ পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়ে ৰাজ্যপালে । যিহেতু বিটিচিত এই সময়ত নিৰ্ব্বাচনী আচৰণবিধি বলবৎ হৈ আছে সেয়ে ইয়াত কোনো নতুন আঁচনি লোৱা নহ'ব । সেয়ে পূৰ্বতে লোৱা আঁচনি সমুহৰ সঠিক ৰূপায়ণত গুৰুত্ব প্ৰদান কৰে। বিশেষকৈ প্ৰধান মন্ত্ৰীৰ আঁচনি সমূহ আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহ যাতে সঠিক ৰূপায়ণ হয় আৰু তৃণমূল পৰ্যায়ৰ সকলো লোকেই যাতে ইয়াৰ সুবিধা লাভ কৰিব পাৰে তাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদানৰ নিৰ্দেশ দিয়ে ৰাজ্যপালে ।

ইয়াৰ পিচতে বিয়লি ৩ বজাত বঙাইগাঁও শোধনাগাৰৰ ঢালিগাঁওস্থিত উপনগৰি(টাউনশ্বিপ)ৰ মানস অতিথিশালাত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যপাল গৰাকীয়ে । সংবাদ মেলত ৰাজ্যপালে কয় যে বিটিচিৰ যি সমুহ চৰকাৰী আঁচনিৰে বনোৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ভূত বাংলাত পৰিণত হৈ আছে সেই সমুহ কাৰ্য্যক্ষম কৰি তোলাৰো চেষ্টা কৰিব । শিক্ষাৰ ক্ষেত্ৰত কয় যে বৰ্তমান পৰিস্থিতিত বিদ্যালয় সমুহ বন্ধ হৈ আছে আৰু এই সময়ত চলি থকা অনলাইন পাঠ্যক্ৰমে ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰা নাই গতিকে কম সময়ৰ ভিতৰতে বিদ্যালয় সমুহ আকৌ পূৰ্বৰ দৰে খোলাৰ ব্যৱস্থা কৰা হ'ব যাতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মানদণ্ডৰ ক্ষতি নহয় ৷

লগতে পঢ়কঃবাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা ৰঙাপৰাবাসীৰ

ABOUT THE AUTHOR

...view details