চিৰাং, ৭ জুন: অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া (Assam Governor Gulab Chand Kataria) বুধবাৰে পুৱা ৯ বজাত চিৰাং জিলাৰ সদৰ কাজলগাঁৱত উপস্থিত হয় ৷ ৰাজ্যপালগৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ বুজ লয় । তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয়, ৰাজ্য আৰু বিটিচিৰ আঁচনিসমূহ সময়মতে ৰূপায়ণ কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷ আনহাতে, জিলাখনত কিছু ঠাইত যাতায়ত ব্য়ৱস্থা এতিয়াও উন্নত হোৱা নাই বুলি উল্লেখ কৰি কয় যে ভূটান সংযোগী ১২৭(চি) ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা তথৈবচ। ভূটান সংযোগী ১২৭(চি) ৰাষ্ট্ৰীয় ঘাইপথৰ ১৭-১৮ কিলোমিটাৰ পথ আদিও বিধ্বস্ত হৈ থকা বুলি কয় । শীঘ্ৰে এই পথৰ মেৰামতি কৰিবলৈ সংশ্লিষ্ট বিভাগক অৱগত কৰিব বুলি কয় (Assam Governor comment on bad road condition) ।
ইপিনে,জিলাখনত চিকিৎসক কম থকা বিষয়টো জিলা উপায়ুক্তৰ তথ্যৰ ভিত্তিত সমাধানৰ আশ্বাস দিয়ে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই । তেওঁ কয় যে জিলাখনত এতিয়াও ব্লাড বেংকৰ অভাৱ । তেওঁ এই অভাবো সোনকালে সমাধানৰ আশ্বাস দিয়ে । ৰাজ্যপালগৰাকী কাজলগাঁৱস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত উপস্থিত হোৱাত চিৰাং আৰক্ষীয়ে গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰে ৷