চিৰাং,14 জানুৱাৰী: আজি ভোগালী বিহু ৷ হেপাহৰ ভোগালী বিহুটি উদযাপন কৰাত ব্যস্ত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী ৷ কিন্তু ভোগালীৰ আনন্দ-উল্লাসৰ সুযোগ গ্ৰহণ কৰি চিৰাঙৰ বিজনী অগ্ৰঙত একাংশ দুষ্টলোকে পাতিছে ঝাণ্ডী মুণ্ডাৰ জুৱা ৷ আৰক্ষীৰ চকুত ধুলি দি মুকলি ভাৱে চলিছে এই জুৱা খেল ৷
ভোগালীৰ সুযোগ গ্ৰহণ কৰি চিৰাঙৰ বিজনীত ঝাণ্ডী মুণ্ডাৰ জুৱা - Gambling at Bijni of Chirang
একাংশ সুবিধাবাদী ব্যক্তিয়ে সুযোগ বুজি গাঁও খনত এই খেল অনুষ্ঠিত কৰে বুলি অভিযোগ ৰাইজৰ । এই ক্ষেত্ৰত কোনো তৎপৰতা নাই আৰক্ষীৰ ৷

ভোগালীৰ সুযোগ গ্ৰহণ কৰি চিৰাঙৰ বিজনীত ঝাণ্ডী মুণ্ডাৰ জুৱা
ভোগালীৰ সুযোগ গ্ৰহণ কৰি চিৰাঙৰ বিজনীত ঝাণ্ডী মুণ্ডাৰ জুৱা
উল্লেখ্য যে,চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত অগ্ৰং গাঁৱত ভোগালী বিহুৰ মাজতে দিন দূপৰতে বিজনী আৰক্ষীৰ চকুত ধুলি দি একাংশ দুষ্ট চক্ৰৰ দ্বাৰা অনুষ্ঠিত হয় ঝাণ্ডী মুণ্ডাৰ-জুৱা তথা ডাব্বু খেল ৷ একাংশ সুবিধাবাদী ব্যক্তিয়ে সুযোগ বুজি গাঁও খনত এই খেল অনুষ্ঠিত কৰে বুলি অভিযোগ ৰাইজৰ । সাধাৰণ পূজা-পাৰ্বনৰ সুযোগ গ্ৰহণ কৰিয়েই এই সকল লোকে আৰক্ষীৰ চকুত ধুলি দি চলাই গৈছে অবৈধ জুৱা খেল । এই ক্ষেত্ৰত কোনো তৎপৰতা নাই আৰক্ষীৰ ৷
লগতে পঢ়কঃচিকাৰী তিছ'লৈ লিংগুইষ্টিক ছ’চাইটি অৱ আমেৰিকাৰ বঁটা প্ৰদান