চিৰাং, 26 অক্টোবৰ: চিৰাং জিলাৰ পানবাৰী থানাৰ আৰক্ষীয়ে অভিযান চলাই বগিদ্বাৰা গাঁৱৰ পৰা তীৰ খেলৰ এজন এজেন্টক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা তীৰ খেলৰ এজেন্টজন বগিদ্বাৰা গাঁৱৰ নাজিৰুল ইছলাম (19) বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ গ্ৰেপ্তাৰ হোৱা নাজিৰুলৰ পৰা আৰক্ষীয়ে এটা মোবাইল জব্দ কৰে ৷ পানবাৰী থানাত এই সন্দৰ্ভত ভাৰতীয় দণ্ডাবিধিৰ জুৱাখেল প্ৰতিৰোধী আইনৰ 14 নং অনুচ্ছেদ অনুসৰি 175/20 নম্বৰ গোচৰ পঞ্জীয়ন কৰা হৈছে ৷
বৰ্তমান জুৱা খেলুৱৈয়ে বিভিন্ন পন্থাৰে অবৈধভাৱে জুৱা খেল অব্যাহত ৰাখিছে৷ দীৰ্ঘদিনৰ পৰাই জিলাখনৰ ভিতৰুৱা গ্ৰামাঞ্চলত তীৰ খেলৰ জৰিয়তে সাধাৰণ দৰিদ্ৰ কৃষকক লুণ্ঠন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰোপৰি,বিজনী মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত অবৈধভাৱে অবাধ জুৱা খেলৰ ৰমৰমীয়া বেহা চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷