অসম

assam

ETV Bharat / state

চিৰাঙৰ ৰাজপথত পাইপ কঢ়িওৱা গাড়ীৰ অবৈধ অৱস্থান - কাজলগাঁৱৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ

গাড়ী কেইখন অবৈধভাৱে ৰাজপথত ৰখাই থোৱাৰ ফলত জনসাধাৰণে অতিকৈ ব্যস্তপূৰ্ণ পথটোত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷

গাড়ীৰ অবৈধ অৱস্থান

By

Published : Sep 11, 2019, 10:13 AM IST

চিৰাং, 11 ছেপ্টেম্বৰঃ চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অবৈধভাৱে দখল কৰিছে গেইল কোম্পানিৰ পাইপ কঢ়িওৱা গাড়ীয়ে ৷ বিগত 15/20 দিনৰ পৰা পাইপ কঢ়িওৱা গাড়ী কেইখন অবৈধভাৱে ৰাজপথত ৰখাই থোৱাৰ ফলত অতিকৈ ব্যস্তপূৰ্ণ পথটোত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে জনসাধাৰণে ৷

গাড়ীৰ অবৈধ অৱস্থান

গাড়ী কেইখনৰ চালক সকলে জানিব দিয়া মতে গেছ কোম্পানীৰ কামৰ বাবে গেইল ইণ্ডিয়া নামৰ কোম্পানিটোৱে গুজৰাটৰ পৰা এই পাইপ সমূহ আনে৷ কিন্তু পাইপ সমূহ গাড়ীৰ পৰা খালি কৰিবলৈ তেওঁলোকৰ ওচৰত ক্ৰেইন নথকাৰ বাবে বিগত 15/20 দিনৰ পৰা ৰাষ্ট্ৰীয় ঘাই পথতে গাড়ী কেইখন এনেদৰে ৰখাই থোৱা হৈছে ৷ ইপিনে এই সমূহ পাইপ লাইনৰ কাম গেইল ইণ্ডিয়াৰ ঠিকে, কিন্ত এই পাইপ লাইনৰ কাম সমূহৰ ঠিকাদাৰ বা চোৱাচিতা কৰা লোকৰ সম্বন্ধে অজ্ঞ গাড়ীৰ চালক সকল । আনহাতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসহ অন্যান্য কাৰ্যালয়ৰ ঠিক সন্মুখতে এইদৰে ব্যাক্তিগত খণ্ডৰ কোম্পানীৰ পাইপ কঢ়িওৱা গাড়ী সমূহে ৰাষ্ট্ৰীয় ঘাইপথচোৱা অবৈধ ভাৱে দখল কৰি থকাৰ পিচতো জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই৷ ই টিভি ভাৰতৰ সাংবাদিকৰ তথ্যৰ ভিত্তিত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে মাথো তিনিখন গাড়ীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে ।

ABOUT THE AUTHOR

...view details