চিৰাং, 26 ছেপ্টেম্বৰ:দেওবাৰে জাফাই চিৰাঙৰ দেউশ্ৰিত আয়োজন কৰে এটা বিশেষ স্বাস্থ্য সেৱা শিবিৰ (JAFA organized Free health check-up camps) । অসমৰ আগশাৰীৰ সাংবাদিক সংগঠন জাৰ্নেলিষ্ট এচোচিয়েশ্যন ফ’ৰ আছাম (Journalist Association For Assam) চমুকৈ জাফাৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে চিৰাং জিলাৰ ভূটান সীমান্তৰ অতিকে ভিতৰুৱা দেউশ্ৰিত অনুষ্টিত কৰা হয় এই বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰৰ (Free health check-up camps in Chirang) ।
দেউশ্ৰিৰ অতিকে দৰিদ্ৰ তথা শ্ৰমজীৱি তিনি শতাধিক লোকে এই স্বাস্থ্য সেৱাৰ সুবিধা গ্ৰহণ কৰে । জাফাৰ চিৰাং জিলা সমিতিৰ এই কাৰ্যসূচীত সহযোগিতা কৰে মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেণ্টেটিভ ইউনিয়ন বঙাইগাঁও জিলা সমিতি, বঙাইগাঁও স্বাগত হাস্পতাল আৰু ৰিচাৰ্চ চেন্টাৰৰ লগতে সদৌ চাউতাল ছাত্ৰ ইউনিয়নৰ চিৰাং জিলা সমিতি আৰু চিৰাং জিলা স্বাস্থ্য বিভাগ । ভূটান সীমান্তৰ দেওশ্ৰী টিবিতোলা গাঁৱৰ অংগনবাদী কেন্দ্ৰত অনুষ্টিত হয় এই স্বাস্থ্য সেৱা শিবিৰ ।