অসম

assam

ETV Bharat / state

বিটিআৰ পৰিষদীয় চৰকাৰত কাৰ্যবাহী সদস্য মনোনীত বি আৰ ফেৰেংগা - কাৰ্যবাহী সদস্য ৰূপে নিৰ্বাচিত বি আৰ ফেৰেংগা

প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰলৈ নতুন চাৰি কাৰ্যবাহী সদস্যৰ অন্তৰ্ভুক্তি। এন ডি এফ বিৰ প্ৰাক্তন সম্পাদক বি আৰ ফেৰেংগা কাৰ্যবাহী সদস্য ৰূপে নিৰ্বাচিত ৷

বিটিআৰ পৰিষদীয় চৰকাৰত অন্তৰ্ভুক্ত চাৰিগৰাকী কাৰ্যবাহী সদস্য
বিটিআৰ পৰিষদীয় চৰকাৰত অন্তৰ্ভুক্ত চাৰিগৰাকী কাৰ্যবাহী সদস্য

By

Published : Dec 17, 2020, 6:56 PM IST

Updated : Dec 17, 2020, 7:02 PM IST

চিৰাং,17 ডিচেম্বৰঃবৃহস্পতিবাৰে ৰাজ্যপালৰ কমিচনাৰ সচিব মিনাক্ষী সুন্দৰমে বিটিআৰ পৰিষদলৈ পুনৰ চাৰি কাৰ্যবাহী সদস্যৰ নাম তালিকা প্ৰকাশ কৰে। চিৰাঙৰ পৰা নিৰ্বাচিত ইউপিপিএল দলৰ এক মাত্ৰ পাৰিষদ ৰঞ্জিত বসুমতাৰী (এন ডি এফ বিৰ প্ৰাক্তন সম্পাদক বি আৰ ফেৰেংগা)কাৰ্যবাহী সদস্য ৰূপে নিৰ্বাচিত। তেখেত ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টীত বিপিএফৰ হেভিৱেইট প্ৰাৰ্থী খাম্পা বৰগয়াৰী(বিটিচিৰ প্ৰাক্তন উপমুখ্য)ক পৰাজিত কৰি জয়ী হৈছিল। আজিও ৰঞ্জিত বসুমতাৰী গুৱাহাটীতেই আছে যদিও তেখেতৰ সৈতে হোৱা বাৰ্তালাপত জনায় শুক্ৰবাৰে সমষ্টিলৈ অহাৰ কথা।

কাৰ্যবাহী সদস্য ৰূপে নিৰ্বাচিত বি আৰ ফেৰেংগা

2013 চনত এন ডি এফ বিত যোগদান কৰি চলিত বৰ্ষৰ 27 জানুৱাৰীৰ আগলৈ এন ডি এফ বি (ছা) ৰ সাধাৰণ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল বি আৰ ফেৰেংগাই । কিন্তু বিটিআৰ শান্তি চুক্তিৰ জৰিয়তে মুকলি আকাশৰ তললৈ অহা নেতা গৰাকীয়ে ৰঞ্জিত বসুমতাৰীৰ নাম লৈ 14 নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল ৷ এন ডি এফ বিত যোগদান কৰাৰ পূৰ্বে নেতা গৰাকীয়ে জিলাখনৰ বেঙতল কলেজৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

আনহাতে ৰাজ্যপালৰ পৰা প্ৰেৰণ কৰা একেখন পত্ৰত আৰু তিনিজন কাৰ্যবাহী সদস্যৰ নাম সন্নিবিষ্ট হৈছে তেওঁলোক ক্ৰমে ইউ পিপিএল দলৰ ৬ নং কচুগাঁও পৰিষদীয় সমষ্টিৰ পৰা হাগ্ৰামা মহিলাৰীক পৰাজিত কৰি জয়ী হোৱা উকিল মুছাহাৰী। বাকী দুজন বিজেপি দলৰ ক্ৰমে ২৯নং সুক্লাই চেৰফাঙৰ পৰা নিৰ্বাচিত ৰমেন্দ্ৰ নাৰ্জাৰী আৰু ৭ নম্বৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অৰূপ কুমাৰ দে।
যোৱা ১৫ ডিচেম্বৰ বিটিআৰ মুখ্য প্ৰমোদ বড়োসহ ৫ কাৰ্যবাহী সদস্যই শপত গ্ৰহণ কৰিছিল কোকৰাঝাৰত ।
লগতে চাওকঃ অসম জাতীয় পৰিষদৰ সভাপতি পদত অধিষ্ঠিত লুৰীণজ্যোতি গগৈ

Last Updated : Dec 17, 2020, 7:02 PM IST

ABOUT THE AUTHOR

...view details