চিৰাং, 13 ডিচেম্বৰ :মঙলবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত 3.9 কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷
আধাৰশিলা স্থাপন কৰি বি টি চি প্ৰধান বড়োৱে কয়, ‘‘বিগত সময়ত বি পি এফ চৰকাৰে নকৰা কামবোৰ আমি কৰিছো ৷ ইতিমধ্যে স্বাস্থ্য আৰু শিক্ষা বিভাগত যথেষ্ট উন্নতি হৈছে ৷ অন্যান্য বিভাগসমূহতো যথেষ্ট উন্নতি হৈছে ৷ আমি ক্ষমতাৰ বাবে অহা নাছিলো ৷ আমি কাম কৰিবলৈ আহিছো ৷ আমাৰ কাম কৰিবলগীয়া আৰু বহুতো আছে ৷’’
তেওঁ লগতে কয়, ‘‘17 বছৰত তেওঁলোকে 37 হাজাৰ চৰকাৰী ঘৰ নিৰ্মাণ কৰিছিল ৷ কিন্তু 3 বছৰত আমি 1 লাখ ঘৰ নিৰ্মাণ কৰিছো ৷ এনে কিছু পূৰ্বৰ আৰু বৰ্তমানৰ তথ্য লৈ 21 ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এক সভাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৰ্তমানৰ বি টি আৰ প্ৰশাসনৰ উন্নয়নমূলক কামৰ তথ্য প্ৰকাশ কৰা হ’ব ৷’’