চিৰাং, ২৫ এপ্ৰিল: চিৰাঙৰ লাহোটিত প্ৰাক্তন এনডিএফবিৰ চাৰিওটা গোটৰ যৌথ সংবাদ মেল (Press conference of former NDFB group) । শান্তিৰ হকে মূলসূঁতিলৈ উভতি অহা প্ৰাক্তন এনডিএফবি সদস্যৰ পুনঃসস্থাপনৰ ব্যৱস্থা আৰু শান্তিচুক্তি ৰূপায়নক লৈ বিটিচি পৰিষদৰ সদস্য তথা এনডিএফবিৰ প্ৰাক্তন নেতা গোবিন্দ বসুমতাৰী, ৰঞ্জিত বসুমতাৰী আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োলৈ মুকলি প্ৰশ্ন অসন্তুষ্ট প্ৰাক্তন এনডিএফবি সদস্যসকলৰ (Ex NDFB 4 group joint press meet) ।
স্বাধীন বড়োলেণ্ড দাবীৰে দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই ২০২০ চনৰ ২৭ জানুৱাৰী বিটিআৰ শান্তিচুক্তিৰ জৰিয়তে মূলসুঁতিলৈ উভতি আহিছিল বিদ্ৰোহী সংগঠন এনডিএফবি চাৰিওটা গোট । কিন্তু বিটিআৰ শান্তিচুক্তিৰ পিচত প্ৰাক্তন এনডিএফবি সদস্যৰসকলৰ সঠিক পুনঃসস্থাপন, উপযুক্ত সকলক চাকৰিত মকৰল কৰা আৰু বিটিআৰ শান্তিচুক্তিৰ আধাৰত গোচৰমুক্ত কৰা আদি কোনো এটা সমস্যা সঠিকভাৱে সমাধান কৰা হোৱা নাই বুলি সংবাদ মেলত অভিযোগ উত্থাপন কৰে (EX NDFB cadres dissatisfied with BTR act) ।
ভেৰিফিকেচনৰ নামত আজিও প্ৰাক্তন এনডিএফবি সদস্যসকলক সময়ে সময়ে আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে সংবাদমেলত । চৰম আৰ্থিক সংকটত ভুগি এনডিএফবিৰ প্ৰাক্তন নেতা সদস্য সকলে নিজৰ সা-সম্পত্তি বিক্ৰী কৰি গোচৰত হাজিৰ হ'ব লগা হৈছে বুলি সংবাদমেলত আক্ষেপৰ সৈতে প্ৰকাশ কৰে (Former NDFB group PC) ।