অসম

assam

ETV Bharat / state

বন মাফিয়াৰ দলবদ্ধ আক্ৰমণত আহত বন বিষয়া

Forest Officer injured: চিৰাঙৰ ৰুনিখাতা বনাঞ্চলিক বিষয়াক আক্ৰমন কাঠ মাফিয়াৰ । আহত বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰ । আহত বনাঞ্চলিক বিষয়াগৰাকীক বঙাইগাঁৱৰ নাৰ্ছিং হোমত ভৰ্তি । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য় ।

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:42 PM IST

Forest officer injured in attack by forest mafia in Chirang
বন মাফিয়াৰ দলবদ্ধ আক্ৰমণত আহত বন বিষয়া

বন মাফিয়াৰ দলবদ্ধ আক্ৰমণত আহত বন বিষয়া

চিৰাং,১৯ জানুৱাৰী:চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত ৰুনিখাতা বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰক চোৰাং কাঠ মাফিয়াৰ দলবদ্ধ আক্ৰমণ । বন মাফিয়াৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰ । আহত বনাঞ্চলিক বিষয়াগৰাকীক বৰ্তমান বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন ।

জানিব পৰা মতে সংৰক্ষিত বনাঞ্চলৰ লাওপানী এলেকাত বন ধ্বংস কৰি ভুমি বেদখল কৰি থকাৰ সময়ত বাধা প্ৰদান কৰিছিল বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰে । বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ সমষ্টিৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চল ব্যাপক হাৰত ধ্বংস কৰি অসমৰ বাহিৰৰ পৰা লোক আহি বসতি স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । যাৰ বাবে বনাঞ্চল ধ্বংসৰ লগতে বন্যহস্তীৰ আক্ৰমনৰ ঘটনাও বৃদ্ধি পাইছে ।

চিৰাং বন বিভাগে উচ্ছেদ কৰিলেও উচ্ছেদৰ পিছ মূহুৰ্ততে পুনৰ উক্ত অঞ্চলত বসতি স্থাপন হয় । এই বনাঞ্চল ৰক্ষাৰ বাবে যোৱা ৰুনিখাতা বনাঞ্চলিক বিষয়াজনক ইয়াৰ পূৰ্বেও বন মাফিয়াৰ দলে আক্ৰমণ কৰিছিল । চিৰাং ডিএফঅ জনকো আক্ৰমনৰ ঘটনা সংঘটিত হৈছিল ২০২৩ চনত । পুনৰ এই ঘটনা সংঘটিত হোৱাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

চিৰাং জিলাৰ বৃহৎ বনাঞ্চল ধ্বংশ আৰু চোৰাং কাঠৰ সৰবৰাহ বৃদ্ধিৰ লগতে বন বিষয়াক বাৰে বাৰে আক্ৰমনৰ ঘটনাৰ পিছতো অসম বন বিভাগ বা বিটিআৰ বন বিভাগৰ যি ধৰণৰ তৎপৰতা হ'ব লাগিছিল সেয়া কিন্ত তেনেই নগন্য যাৰ বাবে বন মাফিয়াৰ দপদপনি বৃদ্ধি পাইছে আৰু বাবে বাৰে এই ধৰণৰ ঘটনা হোৱা পৰিলক্ষিত হৈছে । লক্ষ্যণীয় হ'ব এই ঘটনাৰ পিছত কিমান তৎপৰ হয় বিটিআৰ বন বিভাগ সেয়া নিশ্চয়কৈ লক্ষ্যনীয় হ'ব ।

লগতে পঢ়ক:কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিল পত্নী হত্যাকাৰী ঘাতক স্বামী

ABOUT THE AUTHOR

...view details