চিৰাং,13 আগষ্ট:অৱশেষত ফাদিল হ’ল চিৰাঙত অব্যাহত থকা চোৰাং কাঠৰ ব্যৱসায়ৰ ক’লা অধ্যায় ৷ বন বিভাগৰ ধাৰাবাহিক অভিযানত জলজল-পটপটকৈ স্পষ্ট হৈ পৰে এই গোপন অধ্যায়ৰ কাহিনী ৷ এই অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ কাঠ সৰবৰাহত জড়িত তিনি বন কৰ্মীক নিলম্বন কৰা হৈছে চাকৰিৰ পৰা ৷ দীৰ্ঘদিনে বন বিভাগৰ ওচৰত উত্থাপিত হৈ আহিছিল চোৰাং কাঠৰ অবৈধ বেহাৰ অভিযোগ ৷ চিৰাঙৰ ৰুণীখাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে চলাইছিল উক্ত অভিযান ৷ অভিযান কালত বৃহৎ পৰিমাণৰ চুৰিৰ লগতে বন কৰ্মীৰ ঘৰত লুকাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে মূল্যৱান কাঠখিনি ৷ বন বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে প্ৰকাশ কৰা অনুসৰি উক্ত কাৰ্যত জড়িত আছে ৰুণিখাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ ফৰেষ্টাৰ দৈমালু গয়াৰী আৰু ফৰেষ্ট গাৰ্ড জেঠ মুছাহাৰী ৷ বন বিভাগৰ জব্দ কৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা ৷
একাংশ প্ৰকৃতিপ্ৰেমীৰ অভিযোগ অনুসৰি এই কাৰ্যত জড়িত আছে ৰুণিখাটাৰ বনাঞ্চলিক বিষয়া জশোমানিক মুছাহাৰী ৷ কিয়নো বিষয়াগৰাকীয়ে ভাৰত-ভূটান সীমান্তৰ থাইকাঝোৰা অঞ্চলৰ কেইবাখনো গাঁওৰ লোকৰ পৰা ধুমুহাৰ ক্ষতিপূৰণৰ নামত প্ৰায় ৬০০ টা পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছিল 400-500 কৈ নগদ ধন ৷ মুছাহাৰীক এই প্ৰসংগত কাম দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ৰুণিখাটাৰ বনাঞ্চলিক বিষয়াই ৷ তদুপৰি মুছাহাৰীৰ পদ সম্পৰ্কতো আৰম্ভ হৈছে বিতৰ্ক ৷