অসম

assam

By

Published : May 28, 2021, 10:13 PM IST

Updated : May 29, 2021, 6:03 AM IST

ETV Bharat / state

চিৰাঙৰ ৰুনিখাতাত ওদালগুৰি বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

বন বিভাগৰ বৃহৎ দল এটাই সীমান্তৰ দলকলা ব্লকত এই উচ্ছেদ অভিযান চলায় । ৰুনিখাতা বনাঞ্চলিক বিষয়া জশমানিক মুচাহাৰীয়ে জনায় যে, পূৰ্বতেও এই সকল লোকক বহুবাৰ জাননী দিয়া হৈছিল আৰু উচ্ছেদ কৰা হৈছিল যদিও আকৌ আহি অবৈধভাৱে বসবাস কৰিবলৈ লোৱাত আজি ২৫ টা ঘৰৰ উচ্ছেদ চলোৱা হৈছে ।

চিৰাঙৰ ৰুনিখাতা ওদালগুৰীৰ বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
চিৰাঙৰ ৰুনিখাতা ওদালগুৰীৰ বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

চিৰাং, 28মে’:শুকুৰবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ওদালগুৰিত বন বিভাগে উচ্ছেদ চলায় । ৰুনিখাতা বনাঞ্চলৰ অধিনত মানাস টাইগাৰ প্ৰজেক্টৰ অধিনৰ সংৰক্ষিত বনাঞ্চলত অবৈধ ভাৱে বেদখল কৰা ২৫ টা ঘৰ উচ্ছেদ কৰে বন বিভাগে ।

উল্লেখযোগ্য যে, বন বিভাগৰ বৃহৎ দল এটাই সীমান্তৰ দলকলা ব্লকত এই উচ্ছেদ অভিযান চলায় । ৰুনিখাতা বনাঞ্চলিক বিষয়া জশমানিক মুছাহাৰীয়ে জনায় যে, পূৰ্বতেও এই সকল লোকক বহুবাৰ জাননী দিয়া হৈছিল আৰু উচ্ছেদ কৰা হৈছিল যদিও আকৌ আহি অবৈধভাৱে বসবাস কৰিবলৈ লোৱাত আজি ২৫ টা ঘৰৰ উচ্ছেদ চলোৱা হৈছে ।

চিৰাঙৰ ৰুনিখাতা ওদালগুৰীৰ বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

ইপিনে এই সকল লোক বেংতলৰ টুক্ৰাঝাৰ আৰু বালাঝাৰৰ পৰা আহি অবৈধ ভাৱে বনাঞ্চল ধ্বংস কৰি জীৱ-জন্তুৰ আৱাসস্থলী ধ্বংস কৰিছে । বনাঞ্চলিক বিষয়াজনে আৰু কয় যে, কোনো পধ্যেই বনাঞ্চল ধ্বংস কৰা সহ্য কৰা নহ’ব কঠোৰ ব্যৱস্থা লোৱা হ’ব বনাঞ্চলত অবৈধ ভাৱে আহিব বিচৰা বেদখলকাৰীৰ বিৰুদ্ধে ।

বিষয়া গৰাকীয়ে লগতে সদৰি কৰে যে, এইবাৰেই শেষ উচ্ছেদ কৰা হৈছে ইয়াৰ পিচতো যদি কোনো লোকে বনাঞ্চল বেদখল কৰিব বিচাৰে তেন্তে বেদখল কাৰীক বনাঞ্চল ধ্বংসৰ অপৰাধত ৭ বছৰ কাৰাদণ্ড দিয়া হ’ব বুলিও কঠোৰ সকিয়নি দিয়ে ৰুনিখাতা বনাঞ্চলিক বিষয়া জশমানিক মুছাহাৰীয়ে।

লগতে পঢ়কঃ ধুবুৰীৰ অসম-বংগ সীমান্তত জব্দ 122 খন শিল ভৰ্তি ট্ৰাক

Last Updated : May 29, 2021, 6:03 AM IST

ABOUT THE AUTHOR

...view details