চিৰাং, ২ মে': চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত কাউয়াটিকাৰ খানপাৰাত শনিবাৰে ৬০ টাকৈ দুখীয়া শ্ৰেণীৰ সংখ্যালঘু পৰিয়ালৰ মাজত বিতৰণ কৰে ইফতাৰৰ সামগ্ৰী । বিজনী মহকুমা আৰক্ষী বিষয়া আৰু বিজনী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উদ্যোগত অঞ্চলটোৰ গ্ৰীণকাস ক্লাব এণ্ড লাইব্ৰেৰীত বিতৰণ কৰে সামগ্ৰীসমূহ ।
বিজনীত ইফতাৰৰ খাদ্য সামগ্ৰী বিতৰণ আৰক্ষী বিষয়াৰ - chirang
শনিবাৰে চিৰাঙৰ বিজনী মহকুমাৰ অন্তৰ্গত কাউয়াটিকাৰ খানপাৰাত ৬০ টাকৈ দুখীয়া শ্ৰেণীৰ সংখ্যালঘু পৰিয়ালৰ মাজত বিতৰণ কৰা হয় ইফতাৰৰ সামগ্ৰী । বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ উদ্যোগত গ্ৰহণ কৰা হয় এই পদক্ষেপ ।
বিজনীত ইফতাৰৰ খাদ্য সামগ্ৰী বিতৰণ কৰিলে আৰক্ষী বিষয়াই
লকডাউনৰ সময়ছোৱাত মুছলিম ধৰ্মাৱলম্বী লোকসকলে ঘৰৰ পৰা ওলাই আহিব নোৱাৰা বাবে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাই এই পদক্ষেপ হাতত লয় । ফল-মূল আৰু আমৰ ৰস যোগান ধৰি এই দুখীয়া পৰিয়াল কেইটাৰ মাজত এদিনৰ বাবে ইফতাৰ প্ৰদান কৰা হয় বিজনী আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ।
আনহাতে, লকডাউনৰ সময়ছোৱাত পবিত্ৰ ৰমজান মাহ চলি থকা সময়তে মুছলিম সম্প্ৰদায়ৰ লোকসকলক এনেদৰে ইফতাৰৰ সামগ্ৰী প্ৰদান কৰা কাৰ্যক প্ৰশংসা কৰে অঞ্চলবাসী ৰাইজে ।