চিৰাং, 27 জুলাই : বৰ্তমানেও খাম কটা নাই ৰাজ্যৰ বান পৰিস্থিতি ৷ শেহতীয়াকৈ ভূটানত অত্যাধিক বৰষুণ হোৱাৰ ফলত নিজলা নদীৰ জলস্তৰ উফন্দি উঠি পাহাৰৰ বৈ অহা পানীয়ে বিপদ মাতিছে চিৰাঙলৈ ৷ এনেদৰে পাহাৰৰ পৰা নামি অহা ভূটানৰ পানীয়ে বুৰাইছে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ লাউক্ৰীগুৰি-বেদলাংপাৰা গাঁও ।
বৰ্তমানেও বানৰ কবলত চিৰাঙৰ লাউক্ৰীগুৰি-বেদলাংপাৰা গাঁও - flood
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ লাউক্ৰীগুৰি-বেদলাং পাৰা গাঁৱত বৰ্তমানেও অব্যাহত আছে বানৰ ত্ৰাস । ভূটানত অত্যাধিক বৰষুণ হোৱাৰ ফলতে প্লাৱিত হয় এই দুখন গাঁও ।
বৰ্তমানেও বানৰ কবলত চিৰাঙৰ লাউক্ৰীগুৰি-বেদলাংপাৰা গাঁও
ফলত এতিয়াও ঘৰলৈ যাব পৰা নাই আশ্ৰয় শিবিৰত থকা লোকসকল ৷ যদিও নিৰৱ প্ৰশাসন ৷ বানাক্ৰান্তসকলৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ লগতে বন্যাৰ্তসকলক কোনোধৰণৰ সাহায্য প্ৰদান নকৰাৰ অভিযোগ বানাক্ৰান্তৰ ৷