অসম

assam

ETV Bharat / state

চিৰাঙৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ - চিদলী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দন ব্ৰহ্ম

চিৰাঙৰ বিভিন্ন অঞ্চল বানৰ তাণ্ডৱৰ পাচতেই গৰাখহনীয়াৰ সংহাৰ । কেইবাখনো গাঁৱৰ বহু গৃহ নদীৰ গৰাখহনীয়াত বিলীন । মন্ত্ৰী চন্দন ব্ৰহ্মৰ গৰাখহনীয়া পৰিস্থিতিৰ বুজ ।

চিৰাঙৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ
চিৰাঙৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

By

Published : Jul 15, 2020, 10:30 PM IST

চিৰাং, 15 জুলাই : ক্ৰমাৎ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে চিৰাং জিলাৰ বান পৰিস্থিতি । অৱশ্যে জিলাখনৰ বহু কেইখন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ ফলত আশ্ৰয় শিবিৰত আশ্ৰয় লবলগীয়া হৈছে বহু লোক । ইয়াৰ মাজতে আৰম্ভ হৈছে আন এক আতংক । কেবাখনো নৈৰ গৰাখহনীয়াই বহু কেইখন গাঁৱত তাণ্ডৱৰ সৃষ্টি কৰিছে । চিদলী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দন ব্ৰহ্মই বুধবাৰে আই নদী পাৰ হৈ গৰাখহনীয়াগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় । নাৱেৰে আই নদী পাৰ হৈ মন্ত্ৰীজনে পোনে পোনে মাদাৰপুৰ, নাথুৰবাৰী, ডেবৰবিল, নেপালপাৰা, আমগুৰি, আমটেকা আদি অঞ্চল পৰিদৰ্শন কৰে ।

গৰাখহনীয়া পৰিস্থিতিৰ বুজ চন্দন ব্ৰহ্ম

মাদাৰপুৰত আই নদীৰ গৰাখহনীয়াত মথাউৰি উটুৱাই নিয়াৰ লগতে ডেবৰবিল আৰু মাদাৰপুৰ গাঁওত নদীখনৰ গৰাখহনীয়াই বহু ঘৰ উটুৱাই নিয়ে । নেপালপাৰ গাঁৱত 25/30 টা পৰিয়ালৰ গৃহ আই নদীৰ গৰাখহনীয়াত জাহ যায় । আমগুৰিৰ কাশিবাৰীত নাঙলভাঙা নদীৰ ব্যাপক হাৰত গৰাখহনীয়াত জাহ গৈছে কৃষিভূমি ।

চিৰাঙৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

আমটেকাত দলং উটুৱাই নিছে ভূটানৰ পৰা নামি অহা তীব্ৰবেগী পানীৰ ঢলে । মন্ত্ৰীজনে এই সমূহ অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে ।

প্ৰতি বছৰে হোৱা বানৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে আগতীয়াকৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই ধৰণৰ দুৰ্ভোগ ভূগিবলগীয়া হৈছে জনসাধাৰণে । ইপিনে বৰ্তমান বিটিচিত ৰাজ্যপালৰ শাসন চলিছে যদিও বান আৰু গৰাখহনীয়াত ভয়ানক ধৰণে ক্ষতিগ্ৰস্ত হোৱা লোকৰ ওচৰত ৰাজ্যপালৰ প্ৰতিনিধি প্ৰশাসককে কোনো ধৰণৰ খবৰ লোৱা বা সহায় সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী লোকসকলে ‌।

লগতে চাওক-মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ ৰাইজ

ABOUT THE AUTHOR

...view details