চিৰাঙ,18জুলাইঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰিৰ আই পোৱালিত বান সাহাৰ্যৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতিৰ অভিযোগ । যোৱা ২০১৬ চনত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰিৰ আই পোৱালি গাঁৱত আই নদীৰ গৰাখহনিয়াত ঘৰ, মাটি, ভেটি, কৃষিভূমি হেৰুৱাই সৰ্ব্বশ্ৰান্ত হৈছিল প্ৰায় ২৩ টা পৰিয়াল । ইয়াৰে চৰকাৰী ক্ষতিপূৰণৰ তালিকা ভূক্ত হৈছিল ১৩ টা পৰিয়ালৰ লোকৰ নাম । ইয়াৰে ৫ জনে ৯৫ হেজাৰ আৰু ৮ জনে ৪ হেজাৰ এশ কৈ পোৱাৰ তালিকাত নাম অৰ্ন্তভূক্ত হৈছিল চৰকাৰী ভাৱে ।
গৰাখহনীয়াগ্ৰস্ত পৰিয়ালক সাহাৰ্য প্ৰদানৰ নামত দুৰ্নীতিৰ অভিযোগ - দেউশ্ৰিৰ আই পোৱালি গাঁৱ
চিৰাঙত বিগত পাঁচ বছৰে আই নদীৰ গৰাখহনিয়াত সৰ্ব্বশ্ৰান্ত হোৱা লোকে আজিলৈকে নাপালে চৰকাৰী তালিকাভূক্ত ক্ষতিপুৰণৰ ধন । অতিশীঘ্ৰেই মোকলাই দিয়াৰ দাবী দৰিদ্ৰ পৰিয়াল কেইটাৰ ।
তাৰ বিপৰীতে চৰকাৰী ভাৱে তালিকাত নাম সন্নিবিষ্ট এইসকল লোকে বিগত পাঁচটা বছৰে লাভ নকৰিলে উক্ত ক্ষতিপূৰণৰ ধন । কি হ'ল উক্ত তালিকাৰ ধন ? কোনো লোকে আত্মসাৎ কৰিলে নেকি এইসকল লোকৰ ক্ষতিপুৰণৰ ধন সেয়া আজিও সন্দেহৰ আৱৰ্তত । চিদলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা ক্ষতিপূৰণৰ ধন অন্তধান হোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ । বিগত পাঁচ বছৰে ক্ষতিপূৰণ লাভ নকৰা এই দৰিদ্ৰ পৰিয়ালৰ প্ৰায় সকলোৱে ইফালে-সিফালে গুচি গ'ল সক্ষমতা অনুসৰি । কিন্তু আজিও এই পাঁচটা দৰিদ্ৰ পৰিয়াল টকাৰ অভাৱত ৰৈ থাকিবলগীয়া হৈছে একে ঠাইতে ।
গতিকে এই পাঁচটা পৰিয়ালে আই পোৱালি গাঁওৰ বিদ্যালয় আৰু মন্দিৰৰ মাটীত অস্থায়ী ভাৱে আশ্ৰয় লৈ ঘৰ সাজি থাকিব লগীয়া হৈছে বিগত পাঁচটা বছৰে । নিছলা দৰিদ্ৰ পৰিয়াল কেইটা ক্ৰমে দেৱেন সুত্ৰধৰ, লন্টে সুত্ৰধৰ, মধুসুধন বৰ্মণ, বাবুৰাম ৰায় আৰু শ্বকো সুত্ৰধৰ । চৰকাৰী ক্ষতিপূৰণ লাভ কৰিলেই গুচি যাব অইন্য ঠাইলৈ বুলি আশাৰে বাট চাই আছে । কিন্ত ক্ষতিপুৰণৰ ধণ বিচাৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়লৈ গলে অপেক্ষা কৰিব লাগিব বুলি জনায় পৰিয়াল কেইটাক । উপায়ন্তৰ হৈ পৰিয়াল কেইটাই চৰকাৰক তেওঁলোকৰ নামত তালিকাভূক্ত ধন অতিশীঘ্ৰে মোকলাই দিয়াৰ দাবী জনাইছে ।