অসম

assam

ETV Bharat / state

বাঢ়নি পানীয়ে উটুৱাই নিলে চিৰাঙৰ নাঙলভাঙাৰ একমাত্ৰ বাঁহৰ দলং - নাঙলভাঙা নদী

প্ৰায় ৬০-৭০ খন গাঁৱৰ লোকৰ একমাত্ৰ যাতায়াতৰ মাধ্যম হিচাপে পৰিগণিত হৈ অহা চিৰাং জিলাৰ নাঙলভাঙা অঞ্চলৰ বাঁহৰ দলং খন উটুৱাই নিয়ে নাঙলভাঙা নদীৰ বাঢ়নি পানীয়ে ৷ সম্প্ৰতি নাৱেই হৈ পৰিছে স্থানীয় ৰাইজৰ বাবে একমাত্ৰ সমল ৷

flood broke the only bamboo bridge in nagnalbhata
flood broke the only bamboo bridge in nagnalbhata

By

Published : Jun 19, 2020, 6:12 PM IST

চিৰাং, 19 জুনঃ চিৰাং জিলাৰ নাঙলভাঙা নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে নাঙলভাঙা অঞ্চলৰ লোকৰ যাতায়াতৰ একমাত্ৰ সম্বল বাঁহৰ দলং খন ৷ যাৰ বাবে সুচল যাতায়াত ব্যহত হৈ পৰে অঞ্চলবাসীৰ মাজত ৷ সম্প্ৰতি নাৱেই হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ লোকৰ একমাত্ৰ যাতায়তৰ ব্যৱস্থা ৷

সম্প্ৰতি নাৱেই হৈ পৰিছে স্থানীয় ৰাইজৰ একমাত্ৰ সমল

জানিব পৰা মতে, প্ৰায় ৬০-৭০ খন গাঁৱৰ লোকৰ একমাত্ৰ যাতায়াতৰ মাধ্যম আছিল বাঁহৰ দলং খন ৷ বিগত সময়ছোৱাত বহুবাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু চিদলী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দন ব্ৰহ্মই,নাঙলভাঙা নদীৰ ওপৰত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু বিগত ১৭ টা বছৰেই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে কোনো উন্নয়নেই নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে নাঙলভাঙাবাসী ৰাইজে ৷ সেই বাবে এইবাৰ বিটিচি নিৰ্বাচনত পৰিৱৰ্তন বিচাৰিছে ভুক্তভোগী ৰাইজে ৷ উল্লেখ্য যে, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,চিদলী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দন ব্ৰহ্মৰ দৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াইও এই নাঙলভাঙা নদীৰ দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰাইজক ৷

বাঢ়নি পানীয় উটুৱাই নিলে চিৰাঙৰ নাঙলভাঙাৰ একমাত্ৰ বাঁহৰ দলং

লগতে পঢ়কঃসংৰক্ষণৰ অভাৱত সংকটৰ গৰাহত শিৱসাগৰৰ ঐতিহাসিক বৰ পুখুৰী

ABOUT THE AUTHOR

...view details