অসম

assam

ETV Bharat / state

চিৰাঙৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ - চন্দন ব্ৰহ্ম

চিৰাঙত অব্যাহত আছে আই নদীৰ খহনীয়া ৷ নদীখনে জিলাখনৰ কেইবাটাও অঞ্চলত গতি সলনি কৰি বৈ অহাত প্লাৱিত হৈছে বিস্তীৰ্ণ অঞ্চল ৷ বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দন ব্ৰহ্ম আৰু চিৰাঙৰ জিলা উপায়ুক্ত গৌতম তালুকদাৰে বান বিধ্বস্ত উক্ত অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় ৷

Flood Area visited by minister chandan brahma in chirang assam etv bharat news
বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

By

Published : Aug 14, 2020, 12:13 PM IST

চিৰাং,14 আগষ্ট:চিৰাঙত আই নদীৰ বান আৰু খহনীয়াই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । নদীখনে স্বাভাৱিক গতি সলাই বিভিন্ন গাঁও তথা কৃষি ভূমিৰ মাজেৰে বৈ অহাত জাহ গৈছে বিস্তীৰ্ণ অঞ্চল । জিলাখনৰ ডাবাবিল নামৰ এখন গাঁও ইতিমধ‍্যে নৈখনৰ বুকুত সম্পূৰ্ণৰূপে জাহ গৈছে । বিগত ১৫ দিন পূৰ্বে মাদাৰপুৰ গাঁৱৰ বান্ধ ছিঙি আই নৈৰ বাঢ়নী পানী সোমাই প্লাৱিত কৰাৰ উপৰিও নদীৰ বুকুত বিলীন হৈছে ডেৰ শতাধিক বাসগৃহ ৷

বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দন ব্ৰহ্ম আৰু চিৰাঙৰ জিলা উপায়ুক্ত গৌতম তালুকদাৰে বান বিধ্বস্ত উক্ত অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰ্যাপ্ত পৰিমাণে সাহায্য সামগ্ৰী প্ৰদানৰ আশ্বাস প্ৰদান কৰে গাঁওবাসীক । মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথা ব্যক্ত কৰি ক্ষতিগ্ৰস্তক উচিত ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰে এই সম্পৰ্কত আলোচনা কৰি খহনীয়াৰ সন্মুখীন হোৱা অঞ্চলসমূহ ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ জিলাখনত বিশেষকৈ ভূটানৰ পৰা নামি অহা পানীৰ ঢলে প্ৰতিবছৰে বিস্তৰ ক্ষতিসাধন কৰি আহিছে ৷

লগতে চাওকঃৰাঁচীত চীপ লোৱা অৱস্থাত উদ্ধাৰ পিটিআইৰ জ্যেষ্ঠ সাংবাদিকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details