চিৰাং,24 জুলাই : শুকুৰবাৰে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ চিৰাঙত উপস্থিত মন্ত্ৰী চন্দন ব্ৰহ্ম ৷ মন্ত্ৰী গৰাকীয়ে জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তৰ বুজ লয় ৷
আই নদীৰ গৰাখহনীয়াত ইতিমধ্যে নেপালপাৰা গাঁৱৰ ৬২টা পৰিয়ালৰ ঘৰ আৰু ডেবৰবিল গাঁৱত ১৬ টা পৰিয়ালৰ ঘৰ গৰাখহনীয়াত জাহ গৈছে । গাঁও দুখনৰ খহনীয়াগ্ৰস্ত লোকসকলে আশ্ৰয় শিবিৰ পাতি থাকিবলৈ লৈছে । শুকুৰবাৰে মন্ত্ৰী চন্দন ব্ৰহ্মই গাঁও দুখন ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকসকলক সঠিক ভাৱে ক্ষতিপুৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে পৰ্যাপ্ত পৰিমাণে সাহায্য সামগ্ৰী যোগানৰ নিৰ্দেশনা দিয়ে ।