অসম

assam

ETV Bharat / state

Chirang Firing incident : খুংগ্ৰীঙৰ সংৰক্ষিত বনাঞ্চলত গুলীচালনা, বন সুৰক্ষা কৰ্মীৰ গুলীত আহত যুৱক ! - খুংগ্ৰীঙৰ সংৰক্ষিত বনাঞ্চলত গুলীচালনা

ভাৰত-ভূটান সীমান্ত খুংগ্ৰীঙৰ সংৰক্ষিত বনাঞ্চলত সংঘটিত গুলীচালনাত আহত বেনামিন বসুমতাৰী নামৰ এজন যুৱক (One injured in Chirang firing)। আহত যুৱকৰ মতে প্ৰাক্তন বিদ্ৰোহী নেতাৰ সংগঠনৰ লোকে গুলীয়াইছিল । বন বিভাগৰ লোকে উল্লেখ কৰা মতে চোৰাং কাঠৰ সৰবৰাহৰ বিৰুদ্ধে বন বিভাগৰ লোকে অভিযান চলোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় ।

Chirang
খুংগ্ৰীঙৰ সংৰক্ষিত বনাঞ্চলত গুলীচালনা

By

Published : Dec 10, 2022, 5:21 PM IST

খুংগ্ৰীঙৰ সংৰক্ষিত বনাঞ্চলত গুলীচালনা

চিৰাং,১০ ডিচেম্বৰ :চিৰাঙৰ ভাৰত-ভূটান সীমান্তত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা (Firing incident in Indo Bhutan border)। ৰুণীখাতা আৰক্ষী থানাৰ অন্তৰ্গত খুংগ্ৰীঙৰ সংৰক্ষিত বনাঞ্চলত এই গুলীচালনাৰ ঘটনা সংঘটিত হয় । বন সুৰক্ষা কৰ্মীৰ গুলীত আহত বেনামিন বসুমতাৰী নামৰ এজন যুৱক । ইফালে আহত যুৱকৰ মন্তব্যই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে অঞ্চলটোত ।

আহত বেনামিন বসুমতাৰীয়ে জনোৱা মতে শুকুৰবাৰে নিশা তেওঁ নৈত মাছ ধৰি ঘৰলৈ উভতি আহিছিল । সেই সময়তে বি আৰ ফেৰেঙ্গাৰ স্বেচ্ছাসেৱী সংগঠনৰ লোকে তেওঁ ভৰিত গুলীয়াই বুলি অভিযোগ কৰে যুৱকজনে । বি আৰ ফেৰেঙ্গা হৈছে প্ৰাক্তন বিদ্ৰোহী সংগঠন এনডিএফবিৰ নেতা তথা বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী (Ex NDFB leader BR Ferenga)। যুৱকজনে অভিযোগ কৰা মতে তেওঁক গুলীয়াই সেই স্থানত পেলাই থৈ গৈছে স্বেচ্ছাসেৱী সংগঠনৰ লোককেইজনে ।

পৰিয়ালৰ লোকে আহত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰায় । সম্প্ৰতি আহত যুৱকজন কাজলগাঁওস্থিত জেএচবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন । যুৱকজন বিপদমুক্ত বুলিও ঘোষণা কৰিছে চিকিৎসকে ।

ইফালে বন বিভাগৰ লোকে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বন বিভাগৰ লোকে উল্লেখ কৰা মতে চোৰাং কাঠৰ সৰবৰাহৰ বিৰুদ্ধে বন বিভাগৰ লোকে অভিযান চলোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় । চিৰাঙৰ বন বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে অভিযোগ কৰা মতে বন বিভাগৰ লোকক আক্ৰমণ কৰাৰ চেষ্টা কৰাৰ বাবে বন বিভাগৰ লোকে গুলীচালনা কৰিবলৈ বাধ্য হয় আৰু এই গুলীচালনাৰ ফলত বেনামিন বসুমতাৰী নামৰ যুৱকজন আহত হয় । অৱশ্যে সমগ্ৰ ঘটনাটোক লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে ।

বন বিভাগৰ অভিযোগক নস্যাৎ কৰিছে আহত যুৱকৰ লগতে তেওঁৰ পৰিয়াল আৰু স্থানীয় লোকে । তেওঁলোকৰ মতে বিনা দোষত যুৱকজনক লক্ষ্য কৰি গুলীচালনা কৰা হৈছে । অৱশ্যে কোন সঁচা কোন মিছা সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব । কিন্তু সমগ্ৰ ঘটনাক লৈ এতিয়াও খুংগ্ৰীং অঞ্চলত তীব্ৰ উত্তেজনা অব্যাহত আছে ।

লগতে পঢ়ক :Drugs seized: তেজপুৰত ড্ৰাগছ সৰবৰাহকাৰীসহ হেৰ'ইন জব্দ

ABOUT THE AUTHOR

...view details