অসম

assam

ETV Bharat / state

তেল চুৰিৰ বাবেই বঙাইগাঁৱৰ ৰেলপথত অগ্নিকাণ্ড

চিৰাঙৰ বৰতালোৱাত সোমবাৰে নিশা ৰে’লপথত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ৷ চলন্ত ৰে’লৰ পৰা তেল চুৰি কৰাৰ পিছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ ৷ ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি অঞ্চলটোত ৷

Fire on Railway track at Chirang Assam etv bharat news
তেল চুৰিৰ ফলত অগ্নিকাণ্ড

By

Published : May 12, 2020, 1:32 PM IST

Updated : May 12, 2020, 2:04 PM IST

চিৰাং,12 মে’:চিৰাং জিলাৰ ঢালিগাঁৱৰ ৰে’লপথত সোমবাৰে নিশা সংঘটিত হৈছে এক অগ্নিকাণ্ড । বঙাইগাঁও শোধনাগাৰৰ সৈতে সংলগ্ন ৰে’লপথত সংঘটিত হয় উক্ত ঘটনা ৷ উল্লেখ্য যে, শোধনাগাৰৰ পৰা পেট্ৰ’ল, ডিজেলকে ধৰি উৎপাদিত বিভিন্ন সামগ্ৰী ৰে’লযোগে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু শোধনাগাৰৰ পৰা অহা তেল ভৰ্তি ৰে’লৰ পৰা সমীপৰ বৰতালোৱা, বৰপথাৰ, নিলীবাৰী, ডাংতল আদি অঞ্চলত তেল চুৰ কৰে দুষ্কৃতিকাৰীয়ে ৷ বিষয় সন্দৰ্ভত একাংশ স্থানীয় লোকৰ অভিযোগ অনুসৰি এই কাণ্ডত হাত আছে ৰে’ল আৰক্ষী ৷

তেল চুৰিৰ ফলত অগ্নিকাণ্ড

আনহাতে, সোমবাৰে নিশা পেট্ৰ’ল ভৰ্তি এখন ৰে’ল শোধনাগাৰৰ পৰা অহাৰ পিছত অনুৰূপ ধৰণে চোৰে চুৰিকাণ্ড সংঘটিত কৰে ৷ কিন্তু ডবাৰ পৰা নিৰ্দিষ্ট এডাল পাইপ বাহিৰ ওলাই নহাত ৰে’লপথত পেট্ৰ’ল পৰি অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱাৰ পিচতে বৰতালোৱা গাঁৱবাসী ঘটনাস্থলীলৈ আহি আৰক্ষী আৰু অগ্নি নিৰ্ব্বাপক বাহিনীৰ সহযোগত ৰে’লপথৰ জুই নুমুৱাবলৈ সক্ষম হয় ৷ এক সাম্ভাৱ্য ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে বঙাইগাঁও শোধনাগাৰৰ লগতে টাউনশ্বিপৰ বাসিন্দাসকল ৷ পূৰ্বতে তেল চুৰিৰ বিষয়ে চিৰাং জিলা আৰক্ষীক বাৰম্বাৰ অৱগত কৰাৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বিগত 8-10 বছৰ পূৰ্বে ঢালিগাঁও থানাৰ সমীপৰ এলেকাত এইদৰে তেল চুৰিৰ ঘটনা সংঘটিত হৈছিল ৷ সেই সময়ৰ আৰক্ষীৰ তৎপৰতাত দোষী কৰায়ত্ত হৈছিল যদিও বৰ্তমান আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি পুনৰ সক্ৰিয় হৈ উঠিছে তেলচুৰি চক্ৰ ৷

লগতে চাওকঃসমাগত বাৰিষাক লৈ চিন্তিত বান বিধ্বস্ত অঞ্চলৰ লোক !

Last Updated : May 12, 2020, 2:04 PM IST

ABOUT THE AUTHOR

...view details