চিৰাং, 16 জুলাই : নিশা বঙাইগাঁও চহৰত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত দুখন দোকানসহ এটা ঘৰ ভষ্মীভূত হয় । কেবালাখ টকাৰ সম্পত্তি নিমিষতে জ্বলি ছাই হৈ পৰে ।
বঙাইগাঁও চহৰৰ আনছাৰ আলী নামৰ লোকজনৰ বাসগৃহৰ পৰা সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷ লোকজন সপৰিয়ালে চিকিৎসাৰ বাবে হায়দৰাদত আছে আৰু লকডাউনৰ ফলত উভটি আহিব পৰা নাই । নিশা কোনো লোক ঘৰত নথকা অৱস্থাতে বৈদ্যুতিক বিজুতিৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় ৷