চিৰাং, 1 জুন: চিৰাঙৰ ভাৰত-ভুটান সীমান্তৰ দাদগিৰি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় কোটি টকাৰ সা-সম্পত্তি । চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বত থকা ভাৰতীয় নাগৰিকৰ 12খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় । শনিবাৰে পুৱতি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডটো শ্বৰ্ট চাৰ্কিটৰ ফলতেই হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
চিৰাঙৰ দাদগিৰি বজাৰত অগ্নিকাণ্ড
ভাৰত-ভূটান সীমান্তৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বত থকা ভাৰতীয় নাগৰিকৰ 12খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় । শনিবাৰে পুৱতি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডটো শ্বৰ্ট চাৰ্কিটৰ ফলতেই হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
চিৰাঙৰ দাদগিৰি বজাৰত অগ্নিকাণ্ড
অগ্নিকাণ্ডত টিভি, ম'বাইল, বাচন-বৰ্তন আদি কেইবাখনো দোকান ভস্মীভূত হয় ৷ উল্লেখ্য যে ভাৰত-ভূটান সীমান্তবাসীৰ বাবে এই বজাৰখনৰ গুৰুত্ব যথেষ্ট ৷