চিৰাং, 17 জুনঃবঙাইগাঁও জিলাৰ অভয়াপুৰীত বিড়িৰ পেকেটত অসমীয়াৰ বাপতি সাহোন বিহুৰ ফটো সন্নিবিষ্ট কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ যাৰ বাবে বিহুৰ ফটো বিড়ি প্ৰস্তুত কৰা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে ৷
এটা বিড়ি প্ৰতিষ্ঠানৰ বিৰুদ্ধে বঙাইগাঁৱত এজাহাৰ - বিড়ি প্ৰস্তুত প্ৰতিষ্ঠান
প্ৰদীপ নামৰ বিড়ি প্ৰস্তুত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে অভয়াপুৰী আৰক্ষী চকীত এজাহাৰ দাখিল অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ ৷ প্ৰতিষ্ঠানটোত দ্বাৰা প্ৰস্তুত কৰা বিড়িৰ ফটোত অসমীয়াৰ অভিমান বিহুৰ ফটো সন্নিবিষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৷
প্ৰদীপ নামৰ বিড়ি প্ৰস্তুত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উত্থাপন হৈছে বিড়িৰ পেকেটত বিহুৰ ফটো সন্নিবিষ্ট কৰাৰ অভিযোগ ৷ অসমীয়াৰ আদৰৰ বিহুটিক এনে কাৰ্যই অপমান কৰাৰ অভিযোগত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অতুল ঘোষৰ বিৰুদ্ধে ছাত্ৰ সমাজে অভয়াপুৰী আৰক্ষী চকীত দাখিল কৰিলে এজাহাৰ ৷ এনে অসহনীয় কাৰ্যৰ বিৰুদ্ধে যদি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে, পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিব বুলি উল্লেখ কৰে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ সদস্য সকলে ৷
লগতে পঢ়কঃএক বজাৰ শীৰ্ষ দহটা বাতৰি...