চিৰাং,18 জানুৱাৰী : সমাগত 2021 বৰ্ষৰ অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে সোমবাৰে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰকাশ কৰা হয় 33 নং বিজনী বিধানসভা সমষ্টিৰ 2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা ৷ বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাস,বিজনীৰ নিৰ্বাচনী বিষয়া মৌচম প্ৰতিম বৰা আৰু প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰকাশ কৰা হয় এই চূড়ান্ত ভোটাৰ তালিকা ৷
উল্লেখ্য যে, 2021 বৰ্ষৰ বাবে বিজনী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ 1,58,239 গৰাকী বুলি প্ৰকাশ কৰিছে বিজনীৰ নিৰ্বাচনী বিষয়াই ৷ ইয়াৰে 80,125 জন পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে 78,114 গৰাকী মহিলা ভোটাৰ ৷