চিৰাং, 15 নৱেম্বৰ : চিৰাং জিলাৰ ৰুনিখাতা বনাঞ্চলৰ অধীনস্থ চিৰাং সংৰক্ষিত বনাঞ্চলৰ পাটালছাৰা আৰু ওদালগুৰি বনগাঁৱত বেদখল উচ্ছেদৰ বাবে সোমবাৰে পুৱাৰে পৰা বন বিভাগে চলায় উচ্ছেদ অভিযান । প্ৰায় এশ বৰ্গহেক্টৰ বনাঞ্চলৰ মূল্যবান গছ কাটি খেতি কৰি ঘৰ সাজিছে বেদখলকাৰীসকলে । যাৰবাবে সোমবাৰে পুৱাৰে পৰা বন বিভাগে এছ এছ বি আৰু আৰক্ষীৰ বৃহৎ দল লৈ চলায় এই অভিযান ।
ৰুনিখাতা বনাঞ্চলৰ বেদখলকাৰীসকল নাগালেণ্ড, অৰুণাচল, ত্ৰিপুৰা, মিজোৰাম, শোণিতপুৰ, ঢেকিয়াজুলি আদি বিভিন্ন ঠাইৰ পৰা আহি ব্যাপকভাৱে বনধ্বংশৰে গাঁও পাতিছে । বন বিভাগে এফালে চলাইছে উচ্ছেদ আনফালে উচ্ছেদিত লোকসকল আহি পুনৰ তাতে ঘৰ ঠিক কৰি আছে । উচ্ছেদিত লোকৰ স্পষ্ট কথা আমি বন বিভাগে উচ্ছেদ কৰিলেও ক’তো নাযাওঁ । আমি ট্ৰাইবেল মানুহ বড়োলেণ্ডত থাকিবই লাগিব ।
অঞ্চলত বন বিভাগে উচ্ছেদ কৰিলেও পিচ মূহুৰ্ততে আকৌ ঘৰ সাজি থাকে উচ্ছেদিত লোকে । বন বিভাগৰ এই উচ্ছেদ এক ধৰণৰ যেন নাটকহে । কাৰণ ৰাজনৈতিকভাৱে কোনো গুৰুত্ব দিয়া নাই বনাঞ্চল ধ্বংশৰ এই বিষয়টোত । আশ্চৰ্যৰ বিষয় যে, বন ধ্বংশৰে গঢ়ি উঠা এইসমূহ বেদখলি গাঁৱত চৰকাৰী আঁচনিৰ পথ নিৰ্মাণ হৈছে, যোগান দিয়া হৈছে বিদ্যুৎ । যেন ভোট বেংকৰ স্বাৰ্থত বি পি এফ অথবা ইউ পি পি এল বা কোনো ৰাজনৈতিক দলেই বনাঞ্চল ৰক্ষা হোৱাটো বিচৰা নাই ।