চিৰাং, 20 জুলাই: চিৰাং জিলাৰ আই নদীৰ পানী বৃদ্ধি পোৱাত সংকট নামি আহিছে আই নদীৰ ওপৰৰ হাগ্ৰামা দলঙলৈ । আই নদীৰ গৰাখহনীয়াত বৰ্তমানে দলং খনৰ উত্তৰ দিশৰ পথ খহাই নিয়াৰ উপক্ৰম হৈছে । যোৱা 18 তাৰিখে ইটিভি ভাৰতৰ বাতৰি পৰিৱেশনৰ পিচতেই সোমবাৰে জলসম্পদ বিভাগে বাঁহৰ পাৰ্কুপাইনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা পৰিলক্ষিত হয় ।
দুবছৰ পূৰ্বে প্ৰায় দুই কিলোমিটাৰ দূৰৈত থকা নদীখন হঠাতে এতিয়া নিকটৱৰ্তী বসতি অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে ৷ স্থানীয় লোকৰ অভিযোগ যে,এই ঠাইত থকা শিল বালি অত্যাধুনিক যন্ত্ৰৰে খনন চলোৱাৰ ফলতেই নদীখনে গতি সলাই আজি পাৰলৈ আহি উপনীত হৈছে । মুঠতে বন বিভাগে অবৈধ ভাৱে মহলৰ অনুমতি দিয়াৰ ফলতেই আই নদীয়ে গতি সলাই কেবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে ।