চিৰাং,13 জুলাই: প্ৰায় সমগ্ৰ চিৰাং জিলা সম্প্ৰতি বানৰ কবলত ৷ জিলাখনৰ ভিন্ন অংশত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ জিলাখনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই ৷ বিগত প্ৰায় এমাহে পানীৰ তলত থকা জিলাখনত সামান্য উন্নতি হৈছে বান পৰিস্থিতিৰ ৷ চিৰাঙৰ আমগুৰীৰ কাশিবাৰী গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই ৷ গাঁৱখনৰ বৃহৎ কৃষিভূমি নাঙলভাঙা নদীৰ গৰাখহনীয়াৰ কবলত পৰি নিচিহ্ন হোৱাৰ ফলত বিপদৰ সন্মুখীন হৈছে কৃষকসকল ৷ কিয়নো জিলাখনৰ কৃষকসকলে অঞ্চলটোত বছৰটোৰ বাবে সোণগুটি চপোৱাৰ উদ্দেশ্য আগত ৰাখি ৰুইছিল শালিধানৰ কঠীয়া ৷ কিন্তু সম্প্ৰতি বানৰ সমান্তৰালকৈ খহনীয়াই যথেষ্ঠ ক্ষতি কৰাত গাওঁবাসী চিন্তিত হৈ পৰিছে ৷ অঞ্চলটোত ব্যাপক হাৰত হোৱা খহনীয়াই কেৱল কৃষিভূমিয়ে নহয় গাঁৱৰ প্ৰতিও কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷
চিৰাঙত নাঙলভাঙা নদীৰ গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ - erosion
চিৰাঙৰ আমগুৰীৰ কাশিবাৰী গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই ৷ গাঁৱখনৰ বৃহৎ কৃষিভূমি নাঙলভাঙা নদীৰ গৰাখহনীয়াৰ কবলত পৰি নিচিহ্ন হোৱাৰ ফলত বিপদৰ সন্মুখীন হৈছে কৃষকসকল ৷ যদি শীঘ্ৰে এই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে গাঁওখন অচিৰে বিলীন হ’ব নাঙলভাঙাৰ বুকুত ৷
বিষয়টো সন্দৰ্ভত পূৰ্বৰ সময়ছোৱাত বিটিচি প্ৰশাসনৰ নেতা-মন্ত্ৰীক জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণৰ প্ৰতি গুৰুত্ব আৰোপ নকৰিলে জনপ্ৰতিনিধিসকলে ৷ বৰ্তমান শংকা-আতংকৰ মাজতে দিন অতিবাহিত কৰিছে গাঁওবাসীয়ে । বৰ্তমানলৈকে উক্ত অঞ্চললৈ কোনো ৰাজনৈতিক দলৰ নেতা-মন্ত্ৰী অথবা অন্যান্য বিভাগীয় কৰ্তৃপক্ষ নহাৰো অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷ যদি শীঘ্ৰে এই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে গাঁওখন অচিৰে বিলীন হ’ব নাঙলভাঙাৰ বুকুত ৷
লগতে চাওকঃতীব্ৰবেগী বাহনৰ খুন্দাত আহত পহু