অসম

assam

ETV Bharat / state

বিধ্বংসী গৰাখহনীয়াৰ কৱলত বিজনীৰ শ-শ গাওঁ - হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ

হাগ্ৰামাৰ মডেল বিটিচিৰ নগ্ন ৰূপ । চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলৰ শ শ গাওঁ খহনীয়াৰ কৱলত । নিৰ্বিকাৰ প্ৰশাসন । ৰাইজৰ প্ৰতিবাদ । আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন বৰ্জনৰ হুংকাৰ ভুক্তভোগী গঞা ।

বিধ্বংসী গৰাখহনীয়াৰ কবলত চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলৰ শ-শ গাওঁ
বিধ্বংসী গৰাখহনীয়াৰ কবলত চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলৰ শ-শ গাওঁ

By

Published : Nov 28, 2019, 12:53 PM IST

চিৰাং, 28 নৱেম্বৰ: চিৰাং জিলাৰ বড়োবাজাৰ উন্নয়ন খণ্ডৰ অধীনৰ বিষ্ণুপুৰ ভি চি ডি চিৰ অন্তৰ্গত ধুলা নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ । গাঁৱখনৰ শ শ পৰিয়াললৈ খহনীয়াই সৃষ্টি কৰিছে তীব্ৰ ভাবুকিৰ । ফলত আতংকিত হৈছে পৰিছে গাঁৱবাসী । গাঁৱখনৰ অৰ্ধশতাধিক ৰাইজে নদীৰ পাৰত বিটিচি চৰকাৰ হায় হায়, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বিধায়ক কমল সিং নাৰ্জাৰী মুৰ্দাবাদ, মানাস ছেৰফাং এম চি এল এ মুৰ্দাবাদ শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।

হাগ্ৰামাৰ মডেল বিটিচিৰ নগ্ন ৰূপ

গৰাখহনীয়া খহনীয়া প্ৰতিৰোধ কৰিবলৈ অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে গাঁওবাসীয়ে । ৰাইজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰিছে ৩০ মিটাৰ দীঘল বাহঁৰ সাঁকো । ইয়াৰ পাচতো নীৰৱ বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী । চিৰাং জিলাৰ 33 নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰ মাজেৰে বৈ যোৱা ধুলা নৈ খনত সাঁকো দি সদায়েই পাৰ হয় শ শ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোক ।

গৰাখহনীয়াৰ কবলত চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চল

চাৰি বছৰ পূৰ্বে এখন কালভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও নিম্নমানৰ কাম কৰাৰ ফলত কেইমাহমান পিছতেই ভাঙি পৰে দলংখন ৷ তাৰ পিছৰে পৰাই ৰাইজে নিজৰ গাঠিৰ ধনেৰে প্ৰতিবছৰে নিৰ্মাণ কৰি আহিছে বাঁহৰ সাঁকো । কিন্তু কোনো কাণষাৰ নাই জন প্ৰতিনিধিৰ । আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে যদি এই অঞ্চলৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু নদীৰ দলঙৰ ব্যৱস্থা নকৰে তেন্তে নিৰ্বাচন বৰ্জনৰ ভাবুকি দিয়ে গাঁৱবাসীয়ে ।

চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলত ৰাইজৰ প্ৰতিবাদ

চিৰাঙত কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি দল এটাই চিৰাং জিলাৰ বান আৰু গৰাখহনীয়া অঞ্চল ভ্ৰমণ কৰি পোৱা তথ্য আৰু চিৰাং জিলাৰ বিভিন্ন বিভাগে দিয়াৰ তথ্যৰ সৈতে অমিল ধৰা পৰাত উভতি যায় দলটো । এনে অৱস্থাত চিৰাং জিলাৰ এই ভুক্তভোগী অঞ্চলৰ লোকে এতিয়া লাভ কৰিব নে চৰকাৰৰ সহায় সেইয়াহে লাখ টকীয়া প্ৰশ্ন !

ABOUT THE AUTHOR

...view details