অসম

assam

ETV Bharat / state

কেব বিৰোধী প্ৰতিবাদ প্ৰতিহত কৰিবলৈ সাজু বঙাইগাঁও জিলা প্ৰশাসন - বঙাইগাঁও জিলা জিলা উপায়ুক্ত ছেডনদক সিং

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দেওবাৰে বঙাইগাঁও জিলা উপায়ুক্তৰ জৰুৰী সংবাদমেল ৷ জিলাখনৰ আইন শৃঙ্খলা বজাই ৰাখিবলৈ সকলোকে আহ্বান কৰাৰ লগতে প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী সকলক অংশগ্ৰহন নকৰিবলৈ আহ্বান জিলা উপায়ুক্তৰ ৷

ETV BHARAT
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বঙাইগাঁও জিলা উপায়ুক্তৰ জৰুৰী সংবাদমেল

By

Published : Dec 8, 2019, 3:28 PM IST

বঙাইগাঁও,8 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ইয়াৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ সন্দৰ্ভত দেওবাৰে বঙাইগাঁও জিলা উপায়ুক্তৰ জৰুৰী সংবাদমেল ৷ সংবাদমেলৰ জৰিয়তে জিলাখনৰ আইন শৃঙ্খলা বজাই ৰাখিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী সকলক অংশগ্ৰহন নকৰিবলৈ আহ্বান জিলা উপায়ুক্ত ছেডনেক সিঙৰ ৷ জিলা উপায়ুক্ত গৰাকীয়ে লগতে উল্লেখ কৰে যে, নাগৰিকত্ব সংশোধনী বিধেয়েক খনৰ বিৰোধীতাৰে জিলাখনত যি ধৰনে প্ৰতিবাদ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে তাক নিয়ন্ত্ৰণ কৰিবৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে সাজু হৈ আছে ৷ সকলো বিভাগ সামৰি পৃথকে-পৃথকে সভা অনুষ্ঠিত কৰাৰ লগতে নিৰাপত্তা বাহিনী সষ্টম কৰি ৰখাৰ কথাও উল্লেখ কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বঙাইগাঁও জিলা উপায়ুক্তৰ জৰুৰী সংবাদমেল
ইয়াৰ উপৰিও এই প্ৰতিবাদত যাতে ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সকলো শিক্ষক তথা ছাত্ৰ সংগঠন সমূহক আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে ৷ প্ৰতিবাদৰ নামত যাতে বঙাইগাঁও জিলাৰ পৰিৱেশ বিনষ্ট নহয় তাৰ প্ৰতি সকলোকে গুৰুত্ব প্ৰদানৰ আহ্বান জিলা উপায়ুক্ত ছেডনদক সিঙৰ ৷
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বঙাইগাঁও জিলা উপায়ুক্তৰ জৰুৰী সংবাদমেল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details