চিৰাং, 3 মাৰ্চঃচিৰাঙৰ জিলা সদৰ কাজলগাঁৱৰ জিলা অসামৰিক চিকিৎসালয় জেএচবিত আপাতকালীন অৱস্থাতো কৰ্মৰত চিকিৎসক উপস্থিত নথকাৰ অভিযোগ একাংশ লোকৰ ৷ চিকিৎসালয়খনত দেখিবলৈ পোৱা গ'ল সংকটজনক অৱস্থাত থকা দুৰ্ঘটনাগ্ৰস্ত ৰোগীৰ দুৰৱস্থা ৷ আপাতকালীন অৱস্থাৰ বাবে থাকিবলগীয়া চিকিৎসক ডা° বি.জে বৰুৱাৰ অনুপস্থিতিত সেৱাত নাছিল কোনো চিকিৎসক ৷ যাৰ বাবে পুৱা ৮ বজাৰ পৰাই দুৰ্ঘটনাত ভৰি ভাগি গুৰুতৰভাৱে আহত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ এজনক চিকিৎসালয় খনলৈ চিকিৎসাৰ বাবে আনি দুৰ্ভোগ ভুগিব লগীয়া হ'ল ৰোগীৰ লগতে অভিভাৱকে ৷
আপাতকালীন অৱস্থাতো অনুপস্থিত কৰ্মৰত চিকিৎসকঃ দুৰ্ঘটনাগ্ৰস্ত ৰোগীৰ দুৰৱস্থা - chirang
কোনো ধৰণৰ ছুটী তথা বিভাগীয় কোনো ধৰণৰ আগজাননী নিদিয়াকৈয়ে চিৰাঙৰ জিলা সদৰ কাজলগাঁৱৰ জিলা অসামৰিক চিকিৎসালয় জেএচবিত আপাতকালীন অৱস্থাত থকা কৰ্মৰত চিকিৎসক উপস্থিত নথকাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হয় একাংশ ৰোগীয়ে ৷
![আপাতকালীন অৱস্থাতো অনুপস্থিত কৰ্মৰত চিকিৎসকঃ দুৰ্ঘটনাগ্ৰস্ত ৰোগীৰ দুৰৱস্থা দুৰৱস্থা দুৰ্ঘটনাগ্ৰস্ত ৰোগীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6274830-thumbnail-3x2-kk.jpg)
দুৰৱস্থা দুৰ্ঘটনাগ্ৰস্ত ৰোগীৰ
আপাতকালীন অৱস্থাতো অনুপস্থিত কৰ্মৰত চিকিৎসক
ইয়াৰোপৰি অন্য তিনিজনকৈ দুৰ্ঘটনাগ্ৰস্ত ৰোগীয়ে চিকিৎসাৰ বাবে আহি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ এগৰাকী সাংবাদিকৰ পৰা এই বিষয়ে অৱগত হোৱাৰ পিচত চিকিৎসালয়খনৰ প্ৰশাসক গৌতম মহিলাৰীয়ে বহু সময় পিচত আন এগৰকী চিকিৎসকক ঘৰৰ পৰা মাতি আনি আপাতকালীন সেৱাত সেৱাত দিয়ে ৷ অভিযোগ অনুসৰি কোনো ধৰণৰ ছুটী নোহোৱাকৈয়ে তথা বিভাগীয়ভাৱে কোনো ধৰণৰ আগজাননী নিদিয়াকৈয়ে য়ে ডা° বি.জে বৰুৱা নিজৰ কৰ্মৰ পৰা বিৰত আছিল ৷
লগতে পঢ়কঃখেতিয়কৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ