অসম

assam

ETV Bharat / state

চিৰাঙত সক্ৰিয় বনবিভাগঃ এমাহতে আটক 4 দুধৰ্ষ চিকাৰী - Elephant poacher arrested at Chirang by Forest department

আটকাধীন চিকাৰীৰ তথ্যৰ ভিত্তিত অভিযান অব্যাহত ৰাখিছে বন বিভাগে ৷

Elephant poacher arrested at Chirang by Forest department
চিৰাঙত চোৰাং চিকাৰীৰ বিৰুদ্ধে সক্ৰিয় বনবিভাগঃ এমাহৰ ভিতৰতে আটক 4 দুধৰ্ষ চিকাৰী

By

Published : Sep 7, 2020, 9:38 AM IST

চিৰাং, 7 ছেপ্তেম্বৰ: বন্যহস্তী আৰু হাতীদাঁতৰ চোৰাং ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈছে চিৰাঙৰ বনাঞ্চল ৷ শনিবাৰে চিৰাং বন বিভাগে অভিযান চলাই জিলাখনৰ ৰুণীখাটা থানাৰ অধীনৰ লাওপানী আশ্ৰাবাৰী গাঁৱৰ পৰা বন্দুক সহ এটা দুধৰ্ষ চোৰাং চিকাৰীক আটক কৰাৰ পাছতেই পোহৰলৈ আহিছে এই কথা ৷ আটকাধীন ডাফলা ওৰফে উত্তম নাৰ্জাৰী (30) নামৰ চোৰাং চিকাৰীটোৱে বন বিভাগক অৱগত কৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য ৷

দুধৰ্ষ চিকাৰী উত্তম নাৰ্জাৰীয়ে হতী নিধন কৰা স্থলী

উক্ত তথ্যৰ ভিত্তিত বৰ্তমান অভিযান অব্যাহত ৰাখিছে বন বিভাগে ৷ দেওবাৰে বন বিভাগৰ লোকক চিকাৰীটোৱে দেখুৱালে যোৱা এপ্ৰিল মাহতেই এটা হাতী হত্য়া কৰা স্থান ৷ কোকৰাঝাৰ জিলাৰ হল্টুগাঁও বনাঞ্চলৰ অন্তৰ্গত ভূটান সীমান্তৰ সৰলপাৰাৰ পথৰ পৰা প্ৰায় চাৰি কি'লমিটাৰ দূৰত্বৰ ঘন বনাঞ্চলত লাওপানী নদীৰ পাৰত চিকাৰীটোৱে হত্যা কৰিছিল হাতীটোক ৷

দুধৰ্ষ চিকাৰী উত্তম নাৰ্জাৰীয়ে হতী নিধন কৰা স্থলী

উল্লেখ্য যে, বিগত 5 আগষ্টত জিলা খনৰ ভাৰত ভূটান সীমান্তৰ লাইমুতি এলেকাৰ জয় বাংলা গাঁৱৰ পৰা দুটা হাতী দাঁত সহ গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী জীৱেশ্বৰ বসুমতাৰীৰ স্বীকাৰোক্তি ভিত্তিত উত্তম নাৰ্জাৰীক বন্দুক সহ গ্ৰেপ্তাৰ কৰে বনবিভাগে ৷ ইতিমধ্যে চিকাৰী জনৰ বিৰুদ্ধে বন্যহস্তী হত্যা কৰি হাতী দাঁতৰ চোৰাং ব্যৱসায় কৰাৰ অপৰাধত কেইবাটাও গোচৰ পঞ্জিয়ন কৰিছে চিৰাং বন বিভাগে ৷

দুধৰ্ষ চিকাৰী উত্তম নাৰ্জাৰীয়ে হতী নিধন কৰা স্থলী

ইফালে দেহত কোভিড পজিটিভ ধৰা পৰাত বৰ্তমান কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ৰ আইচলেচনত ৰখা হৈছে দুধৰ্ষ চিকাৰী উত্তম নাৰ্জাৰীক ৷ উল্লেখ্য যে, কিছুদিন পুৰ্বেও চাৰিটাকৈ হাতীদাতৰ লগতে দুজনকৈ চোৰাং হাতী দাতৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী আৰু চিৰাং বন বিভাগে ৷

দুধৰ্ষ চিকাৰী উত্তম নাৰ্জাৰীয়ে হতী নিধন কৰা স্থলী

দুদিন পুৰ্বে জিলাখনৰ ভাৰত-ভূটান সীমান্তত উদ্ধাৰ হৈছিল এটা গুলীবিদ্ধ মৃত হাতী ৷ এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ অভিযান তীব্ৰতৰ কৰি তুলিছে চিৰাং বন বিভাগে ৷

দুধৰ্ষ চিকাৰী উত্তম নাৰ্জাৰীয়ে হতী নিধন কৰা স্থলী

লগতে পঢ়কঃ মাজনিশা পৰ্যন্ত উত্তাল নগাঁৱৰ উৰীয়াগাঁও বাইপাছ

ABOUT THE AUTHOR

...view details