চিৰাং,22 ছেপ্তেম্বৰ:এফালে উৎকট গৰম, আনফালে বিদ্যুৎ কৰ্তন ৷ তাৰ মাজতে আকৌ কৰ্তব্য পালন ৷ এটা চৰকাৰী কাৰ্যালয়ত বিদ্যুত সংযোগ কৰ্তন কৰাৰ পিছতো দায়িত্ব পালনত ন্যস্ত থকা দেখা যায় বিভাগীয় কৰ্মচাৰী সকলক ৷ চিৰাঙৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দেখা গৈছে এনে দৃশ্য ।
বিগত 27 আগষ্টত কাৰ্যালয়টোৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিছিল শক্তি বিভাগে । ইয়াৰ কাৰণ আছিল দীৰ্ঘদিনে অনাদায় হৈ থকা এখন লাখটকীয়া বিদ্যুৎ বিল ৷ শক্তি বিভাগত কাৰ্যালয়টোৰ নামত অনাদায় হৈ আছে প্ৰায় 1,34,529 টকাৰ এখন বিদ্যুৎ বিল ৷ এই বিল পৰিশোধৰ কথা ব্যক্ত কৰিছে বিটিচি কৰ্তৃপক্ষই । ইফালে বিদ্যুত সংযোগ কৰ্তনৰ বাবে লিখিতভাৱে বিভাগে জাননী প্ৰেৰণৰ পিছতে বিটিচি চৰকাৰলৈ বিল পৰিশোধৰ বাবে অনুৰোধ জনাই অন্য এক জাননী প্ৰেৰণ কৰে বুলি ব্যক্ত কৰে জিলা পৰিবহণ বিষয়া ৰঞ্জিত কুমাৰ বৰাই ৷