অসম

assam

ETV Bharat / state

নিৰ্বাচনী হিংসা: ফ্লাইং স্কোৱাডৰ সদস্যক আক্ৰমণ বিপিএফ কৰ্মীৰ

বৃহস্পতিবাৰে চিৰাঙৰ 31 নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুভাষাত নিৰ্বাচনী হিংসা । বিপিএফৰ সমৰ্থকে ফ্লাইং স্কোৱাডৰ সদস্যক আক্ৰমণ কৰি মাৰপিট কৰাৰ অভিযোগ ৷ লগতে দলটোৰ ভিডিঅ’ কেমেৰাও ভাঙি পেলায় বিপিএফ কৰ্মীয়ে ৷ ঘটনা সন্দৰ্ভত এজনক আটক কৰি তদন্ত অব্যাহত আৰক্ষীৰ ৷

election-violence
নিৰ্বাচনী হিংসা

By

Published : Apr 1, 2021, 9:16 PM IST

চিৰাং,1 এপ্ৰিল : চিৰাঙৰ 31 নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুভাষাত বৃহস্পতিবাৰে সংঘটিত হৈছে এক নিৰ্বাচনী হিংসা । অভিযোগ অনুসৰি, বিপিএফৰ সমৰ্থকে ফ্লাইং স্কোৱাডৰ সদস্যক আক্ৰমণ কৰি মাৰপিট কৰাৰ লগতে দলটোৰ ভিডিঅ’ কেমেৰাও ভাঙি পেলায় । প্ৰশাসনৰ অনুমতি অবিহনেই বিপিএফৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মৰ হৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল বিপিএফ দলৰ একাংশ সমৰ্থকে ।

নিৰ্বাচনী হিংসা

উক্ত খবৰ লাভ কৰি ভিডিঅ’ ছাৰ্ভিলেঞ্চ দল এটাই আৰক্ষীৰ সৈতে সভাস্থলীত উপস্থিত হৈ সভাৰ অনুমতি পত্ৰ বিচাৰে ৷ ইয়াকে লৈ বিপিএফৰ একাংশ নেতা কৰ্মী উত্তেজিত হৈ ভিডিঅ’ ছাৰ্ভিলেঞ্চ দলটোৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হয় । পৰৱৰ্তী সময়ত ভিডিঅ’ ছাৰ্ভিলেঞ্চ দলৰ বিষয়া মুৰব্বী হিৰণ্য বৰুৱাক শাৰীৰিকভাৱে আক্ৰমণ কৰে বিপিএফ কৰ্মীয়ে । ইয়াতেই ক্ষান্ত নাথাকি বিপিএফ দলৰ সদস্যসকলে ভিডিঅ’গ্ৰাফাৰৰ হাতৰ পৰা ভিডিঅ’ কেমেৰা কাঢ়ি লৈ ভাঙি পেলায় । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷

ঘটনা সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কয় যে, আৰক্ষীয়ে ইতিমধ্যে উক্ত ঘটনাৰ সৈতে জড়িত বিপিএফৰ উমেশ ৱেৰী নামৰ সদস্য এজনক আটক কৰিছে । তেওঁক সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে । ঘটনাৰ সৈতে জড়িত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণৰ কৰাৰ কথাও জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে । ইতিমধ্যে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :কংগ্ৰেছৰ চৰকাৰ গঠনৰ পাচত পুনৰ ফোন কৰিব হিমন্তই : গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details