অসম

assam

By

Published : Sep 11, 2020, 3:07 PM IST

Updated : Sep 11, 2020, 4:51 PM IST

ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে বিটিচিত অপ্ৰীতিকৰ পৰিস্থিতি

নিৰ্বাচনৰ পূৰ্বে বিটিচিত বিৰাজ কৰিছে অপ্ৰীতিকৰ পৰিস্থিতিয়ে ৷ ভিন্ন সময়ত ৰাজনৈতিক দলসমূহৰ মাজত বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বিটিচিত ৷

বিটিচিত অপ্ৰীতিকৰ পৰিস্থিতিবিটিচিত অপ্ৰীতিকৰ পৰিস্থিতি
বিটিচিত অপ্ৰীতিকৰ পৰিস্থিতি

চিৰাং, 11 ছেপ্তেম্বৰ: চিৰাঙৰ ৰৌমাৰীত ইউপিপিএল কৰ্মীৰ আক্ৰমনত আহত বিপিএফ কৰ্মী ৷ এই বিষয়ে সদৰী কৰে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ তথা 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মই ৷ অভিযোগ অনুসৰি, জিলাখনৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ৰৌমাৰীত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 8:30 বজাত বিপিএফ কৰ্মী দেৰহাছাৎ বসুমতাৰী, মিথুন ব্ৰহ্ম আৰু অজিত ব্ৰহ্ম নামৰ লোক তিনি জনক ৰৌমাৰী বজাৰত ৰৈ থকা অৱস্থাত ইউপিপিএল আৰু এবছুৰ সঞ্জিৎ ব্ৰহ্ম, ধ্ৰুৱ ব্ৰহ্ম আৰু অমৃত ব্ৰহ্ম নামৰ তিনিগৰাকী লোকে এদল লোকৰ সৈতে আহি আক্ৰমণ কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় বিপিএফ কৰ্মী কেইগৰাকী ৷ তাৰ পাচতে ঘটনা সন্দৰ্ভত ঢালিগাঁও থানাত এখন এজাহাৰ দাখিল কৰে বিপিএফে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৩/৩৪১/৩২৩/৪৩৫/৫১১/৫০৬ ধাৰা অনুসৰি ২২৪/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে অভিযুক্ত লোক কেইজনৰ বিৰুদ্ধে ৷সমাগত নিৰ্বাচন যাতে শান্তিপূৰ্বকভাৱে সম্পন্ন হয়, সেই উদ্দেশ্যে শুকুৰবাৰে ৰৌমাৰীত বিপিএফ দলে শান্তি সমদল উলিয়ায় ৷

নিৰ্বাচনৰ পূৰ্বে বিটিচিত অপ্ৰীতিকৰ পৰিস্থিতি

আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰৌমাৰী শাখা এবছুই ৷ এবছুই উল্লেখ কৰা অনুসৰি এয়া কোনো নিৰ্বাচনকেন্দ্ৰিক বিতৰ্ক নহয় ৷ এবছুৰ কৰ্মী সঞ্জিৎ ব্ৰহ্মৰ গাড়ী পিছুৱালৈ লওতেই দেৰহাছাৎ বসুমতাৰীৰ গাড়ীত খুন্দা খায় ৷ সেই বিষয়ক কেন্দ্ৰ কৰিয়েই পৰিস্থিতি অলপ বিষম হয় যদিও, পৰৱৰ্তী সময়ত শাম কাটে ৷ কিন্তু তাৰ কিছু সময় পাচতে ৰৌমাৰী ভিচিডিচিৰ প্ৰাক্তন সভাপতি অজিত ব্ৰহ্মই আহি ৰৌমাৰী বজাৰৰ ব্যৱসায়ী নিবাছ নাৰ্জাৰীৰ দোকান লণ্ড ভণ্ড কৰাৰ লগতে এবছু আৰু ইউপিপিএলক ভিন্ন গালি-গালাজ দিয়ে ৷ তাৰ পাচতেই সেই স্থানত উপস্থিত থকা লোকে উত্তম-মধ্যম শোধায় অজিত ব্ৰহ্মক ৷ এইয়া কোনো কাজিয়া নাছিল, বিপিএফ দলে পৰাজিত হোৱাৰ ভয়তে এনে ধৰণৰ কাম কৰা পৰিলক্ষিত হৈ আহিছে বুলি উল্লেখ কৰে এবছুই ৷ সমগ্ৰ ঘটনাৰ বিৰুদ্ধে এবছুৱেও বিপিএফ দলৰ বিৰুদ্ধে ঢালিগাঁও থানাত এজাহাৰ দাখিল কৰে ৷ ইউপিপিএলৰ নেতৃত্বই দাবী কৰে যে সাধাৰণ ঘটনা এটাক নিৰ্বাচন কেন্দ্ৰিক ৰহন সানি বিপিএফ দলে ৰাজনীতি কৰিছে । গতিকে শান্তি-শৃংখলা ৰক্ষা কৰি সকলোৱে প্ৰতাৰণা কৰা ৰাজনৈতিক দলৰ পৰা বিটিচিক ৰক্ষা কৰিবলৈয়ো আহ্বান জনায় তেওঁলোকে ৷

বিটিচিত ভিন্ন সময়ত ৰাজনৈতিক দলসমূহৰ মাজত বিতৰ্কৰ সৃষ্টি

লগতে পঢ়ক:বড়ো ওমেন জাষ্টিচ ফ'ৰামৰ কাৰ্যকৰী সভানেত্ৰীক পহুখেদা !

Last Updated : Sep 11, 2020, 4:51 PM IST

ABOUT THE AUTHOR

...view details