অসম

assam

ETV Bharat / state

গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সাংসদ নৱ শৰণীয়াৰ - গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সাংসদ নৱ শৰণীয়াৰ

গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ সভাত হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে শৰণীয়াই ।

Election campaign by Naba Sarania
গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সাংসদ নৱ শৰণীয়াৰ

By

Published : Nov 6, 2020, 10:51 PM IST

চিৰাং, 6 নৱেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ তৎপৰতা সকলো ৰাজনৈতিক দলৰ মাজত দেখিবলৈ পোৱা গৈছে । বিশেষকৈ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতে বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি জানিব পৰা হোৱা পৰা সকলো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে সভা-সমিতিত । বিটিচিৰ পৰিষদীয় নিৰ্বাচনত কঁকালত টঙালি বান্ধি নিৰ্বাচনী প্ৰচাৰ তিব্ৰতৰ কৰি তুলিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ দল গণ সুৰক্ষা পাৰ্টীয়ে । কি হাগ্ৰামা, কি প্ৰমোদ বড়ো, কি নৱ কুমাৰ শৰণীয়া সকলো ব্যস্ত নিৰ্বাচনক লৈ । ইয়াৰ মাজতে বিজেপি-কংগ্ৰেছ-এআইইউডিএফ দলো পিচ পৰি থকা নাই । নিৰ্বাচনী প্ৰচাৰত কেৱল আক্ৰমণ-প্ৰত্যাক্ৰমণৰ খেল তুংগত ।

গণ সুৰক্ষা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সাংসদ নৱ শৰণীয়াৰ

আজি চিৰাং জিলাৰ 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ বাসুগাঁৱত গণ সুৰক্ষা পাৰ্টী(জি এছ পি) ৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । বাসুগাৱৰ বিজয়গাঁৱত প্ৰচাৰ চলালে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই । সভাত হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে নৱ কুমাৰ শৰণীয়াই । তেওঁ ভাষনত কয় যে, বিপিএফে বিটিচিত বিগত সময়ত ভিচিডিচিৰ নামত ব্যাপক লুণ্ঠন চলালে। বহুতে কৈছে যে, লোকসভা নিৰ্বাচন আৰু বিটিচি পৰিষদীয় নিৰ্বাচন বেলেগ । তেওঁ আৰু কয় যে, মই দিল্লীতহে মাত মাতিব পাৰো, কোকৰাঝাৰত নহয় । কোকৰাঝাৰত মাতিবলৈ হ'লে ৰাইজে গণ সুৰক্ষা পাৰ্টীক জয়ী কৰাই পৰিষদ গঠনৰ সুযোগ দিব লাগিব । তেতিয়াহে ভূমিৰ অধিকাৰকে আদি কৰি সকলো দিব পৰা যাব ৷

শৰণীয়াই লগতে কয় যে, হাগ্ৰামাৰ ঠাইত প্ৰমোদ বড়ো আহিলেও কোনো পৰিৱৰ্তন নাহে ৷ গতিকে ৰাইজে হাগ্ৰামাৰ ঠাইত আমাৰ মানুহক দায়িত্ব দিব লাগিব । বিজেপিৰ ৰঞ্জিত দাস আহি বহু ভাষণ দিলে । ৰাইজে তেওঁক সুধিব লাগিছিল যে, অসমীয়া ভাষাটো কিয় বিটিচিত লাথ মাৰি ডাষ্টবিনত পেলালে । বড়ো ভাষাটো বিটিচিত চৰকাৰী ভাষা কৰিলে । অসম চৰকাৰে কেৱল অসমীয়া ভাষা ছাইনবোৰ্ডতহে লগালে । আপোনালোকৰ মাটি গ'ল, উন্নয়ন গ'ল এতিয়া ভাষাটোৱো গ'ল ।

তেওঁ লগতে কয়, কেন্দ্ৰীয় চৰকাৰে দিয়া ধনেৰে বিটিচিক চুইজাৰলেণ্ড বনাব নোৱাৰিলেও ডুবাই বনাব পাৰিম । বিপিএফ, বিজেপি আৰু ইউপিপিএল একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি । আনহাতে, গণ সুৰক্ষা পাৰ্টী বিটিচিৰ সাধাৰণ বঞ্চিত জনসাধাৰণৰ পাৰ্টী । এই পাৰ্টীয়েহে কেৱল অবড়ো লোকৰ হৈ কাম কৰিব ৷

লগতে পঢ়ক :বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰঃ ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details