অসম

assam

By

Published : Dec 5, 2020, 10:57 AM IST

ETV Bharat / state

চিৰাঙত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ আছুৰ

চিৰাং জিলাৰ পানবাৰীৰ দিমাজুলিত ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ ৷ আজি এই অঞ্চলত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হ'ব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷

Effigy of Ranjit Das burnt at Chirang
চিৰাঙত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ আছুৰ

চিৰাং, 5 ডিচেম্বৰ : চিৰাঙৰ পানবাৰী আঞ্চলিক ছাত্ৰ সন্থাই মানাহপৰীয়া শাখা ছাত্ৰ সন্থাৰ সহযোগত আজি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বিটিএডিৰ দিমাজুলিত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বিচৰা ৰঞ্জিত দাসৰ নিৰ্বাচনী মঞ্চৰ সন্মুখত দাহ কৰা হয় প্ৰতিমূৰ্তি ৷

চিৰাঙত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ আছুৰ

প্ৰতিবাদকাৰীসকলে CAA আমি নামানো, ৰঞ্জিত দাস মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, বিজেপি গ' বেক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । উল্লেখযোগ্য যে, উক্ত দিমাজুলি অঞ্চল ৰঞ্জিত দাসৰ গৃহ সমষ্টিৰ অন্তৰ্গত ৷

চিৰাঙত ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ আছুৰ

লগতে পঢ়ক :যোৰহাটত বিদায় অনুষ্ঠানত আৱেগিত হৈ পৰিল লুৰিণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details