অসম

assam

ETV Bharat / state

দৈজিং উৎসৱত হৰিণাৰ চোৰাং মাংস আৰু সুৰা ব্যৱসায়ঃ নৱ কুমাৰ শৰণীয়া - নৱ কুমাৰ শৰণীয়া

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক বলপূৰ্ব্বক দমন কৰিবলৈ সক্ষম হোৱা ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে চিৰাঙৰ আই নদীৰ পাৰত ভোজ-ভাতৰহে আয়োজন কৰিছে । যত যুৱপ্ৰজন্মক ধ্বংস কৰিবলৈ মুকলিভাৱে কোটী টকীয়া জুৱাৰ ব্যৱস্থা কৰাৰ লগতে মুকলিভাৱে সুৰা বিক্ৰীৰ ব্যৱস্থা কৰিছে ।

চিৰাং
দৈজিং উৎসৱ

By

Published : Dec 26, 2019, 11:34 PM IST

Updated : Dec 26, 2019, 11:53 PM IST

চিৰাং, 26 ডিচেম্বৰঃ ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে চিৰাঙৰ আই নদীৰ পাৰত অনুষ্ঠিত হ'ব দৈজিং উৎসৱ৷ ইয়াৰ বাবে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি ৷

দৈজিং উৎসৱ

ইফালে, দৈজিং উৎসৱ বৰ্জনৰ আহ্বান সাংসদ নৱ শৰণীয়াৰ৷ দৈজিঙত মুকলি জুৱা আৰু হৰিণাৰ মাংস বিক্ৰীৰ অভিযোগ সাংসদগৰাকীৰ ।

উল্লেখ্য যে, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বঙাইগাঁও প্ৰেচ ক্লাৱত বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি অভিযোগ কৰে যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক বলপূৰ্ব্বক দমন কৰিবলৈ সক্ষম হোৱা ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে চিৰাঙৰ আই নদীৰ পাৰত ভোজ ভাতৰহে আয়োজন কৰিছে । যত যুৱপ্ৰজন্মক ধ্বংস কৰিবলৈ মুললিভাৱে কোটী টকীয়া জুৱাৰ ব্যৱস্থা কৰাৰ লগতে মুকলিভাৱে সুৰা বিক্ৰীৰ ব্যৱস্থা কৰিছে । এই দৈজিং উৎসৱত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হৰিণা চোৰাং ভাৱে হত্যা কৰি দৈজিং উৎসৱত বিক্ৰী তথা ভোজৰ আয়োজন কৰিব।

দৈজিং উৎসৱক লৈ নৱ কুমাৰ শৰণীয়াৰ মন্তব্য

ইতিমধ্যে বিএলটিৰ আন্দোলনৰ সময়ত মানাহৰ গঢ় হত্যা কৰি শেষ কৰিছিল । এইবাৰ যাতে হৰিণা হত্যাৰ পৰা বিৰত থাকে তাৰ বাবে আহ্বান জনায় সাংসদ গাৰকীয়ে । অসম চৰকাৰৰ বন বিভাগ,গৃহ বিভাগে এই ক্ষেত্ৰত কঠোৰ দৃষ্টি ৰাখিবলৈকো আহ্বান নৱ কুমাৰ শৰণীয়াৰ । বিগত সময়বোৰতো এই দৈজিং উৎসৱৰ নামত ব্যাপক হাৰত হৰিণা হত্যা কৰি মাংস খোৱাৰ ব্যৱস্থা কৰিছিল বুলি অভিযোগ কৰি সমুহ অসমবাসী তথা বিটিচিবাসীক এই দৈজিং উৎসৱ বৰ্জনৰ আহ্বান জনায় ।

দৈজিং উৎসৱ


আনহাতে, এনে ধৰণৰ উৎসৱে জাতি-জনগোষ্ঠীৰ লোকৰ মাজত মিলনৰ বাৰ্তা বিয়পাই বুলি মন্তব্য কৰে পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই৷ অন্যান্য বছৰৰ তুলনাত এইবাৰৰ দৈজিং উৎসৱ অধিক আকৰ্ষণীয় হ'ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ।

সাংসদ নৱ কুমাৰ শৰণীয়াই দৈজিং উৎসৱ সন্দৰ্ভত কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ব্ৰহ্মই কয়, "সাংসদ গৰাকীয়ে যি কৈছে সেয়া তেওঁৰ নিজৰ মনৰ কথা৷ ইয়াত মাঁথো ভোজ ভাত জুৱা তেনেধৰনৰ নহয়,ইয়াত মনোৰঞ্জনৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মিলনৰ প্ৰচেষ্টা কৰা হয় । এনে ধৰনৰ উৎসৱে ৰাজনীতিৰ উৰ্ধত গৈ সকলো জাতি-জনগোষ্ঠীৰ লোকে এক হৈ মহা মিলনৰ বাৰ্তা বিয়পাই যি আমাৰ দেশৰ অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীক ।"

দৈজিং উৎসৱক লৈ চন্দন ব্ৰহ্মৰ প্ৰতিক্ৰিয়া


আনহাতে, বিটিচিৰ উপমুখ্য তথা বিটিচি বন আৰু পৰ্যটনৰো দায়িত্বত থকা খাম্পা বৰগয়াৰী বিটিচিৰ তথা পশ্চিম অসমৰ পৰ্যটনকে আদি কৰি সকলো জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি বিশ্বদৰবাৰত তুলি ধৰিবলৈয়ে এই দৈজিং উৎসৱৰ আয়োজন কৰা হৈছে । বাক্সাৰ মেৰিকমৰ লগতে বলিউডৰো কলা-কুশলী উপস্থিত হয় বুলি মন্তব্য কৰে বৰগয়াৰীয়ে৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধি আন্দোলনত যিমানবোৰ লোক অংশ গ্ৰহণ কৰে তাতকৈ এহেজাৰ গুন অধিক লোক এই এই দৈজিং উৎসৱত আনন্দ উপভোগ কৰিবলৈ আহিব বুলিও মত প্ৰকাশ কৰে বৰগয়াৰীয়ে ।

দৈজিং উৎসৱ

খাম্পা বৰগয়াৰী নৱ কুমাৰ শৰণীয়াৰ মন্তব্য সন্দৰ্ভত কয়, "সাংসদ শৰণীয়াই বিটিচি ধ্বংশ হোৱাটোহে বিচাৰে৷ বিটিচিত এটম বম পেলাই সমগ্ৰ বিটিচি বালিত পৰিণত কৰাহে তেখেতৰ চেষ্টা । য'ত শৰণীয়াই অশান্তি কৰিব বিচাৰিছে তাত আমি সকলো জাতি-জনগোষ্ঠী এক কৰি শান্তি প্ৰতিষ্ঠাৰ বাবেহে কাম কৰি আছো বুলিও কয় বৰগয়াৰীয়ে ।

দৈজিং উৎসৱক লৈ খাম্পা বৰগয়াৰী মন্তব্য


ইপিনে এক প্ৰেচ বিবৃত্তিত নিখিল বড়ো ছাত্ৰ সন্থা এবছুৰ চিৰাং জিলা সমিতিৰ সভাপতি খনিন্দ্ৰ বসুমতাৰী আৰু সাধাৰণ সম্পাদক দিলিপ কুমাৰ বসুমতাৰীয়ে দৈজিং সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এবছুৰ কোনো সন্মতি নোলোৱাকৈ দৈজিং উৎসৱৰ কমিটিত চিৰাং জিলা এবছুৰ নাম সন্নিবিষ্ট কৰিছে । য'ত যুৱ প্ৰজন্মক ধ্বংশ কৰাৰ বাবে সুৰা আৰু জুৱাৰ মুকলি কৰি দিছে ৷ আগলৈ তেনে ধৰনৰ কোনো অনুষ্ঠানত এবছুৰ নাম সন্নিবিষ্ট নকৰিবলৈ সকিয়াই দিছে দৈজিং উৎসৱ আয়োজক সমিতিক ।

আৰু পঢ়কঃ এইগৰাকী মন্ত্ৰীৰ নাম ল'বলৈ কুণ্ঠাবোধ কৰে নেকি প্ৰফুল্ল কুমাৰ মহন্তই !

Last Updated : Dec 26, 2019, 11:53 PM IST

ABOUT THE AUTHOR

...view details