চিৰাং,23 জানুৱাৰী: ৰাজ্যত ধাৰাবাহিক ভাৱে অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ বুধবাৰে নিশা চিৰাঙৰ বিজনী বাঘৰগাওঁত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছ সহ আটক এজন ড্ৰাগছ ব্যৱসায়ী ৷ বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ নেতৃত্বত চলা এই অভিযানত আটক হয় বিজনী বাঘৰগাওঁৰ বাসিন্দা বিল্লাল হুছেইনৰ পুত্ৰ জামিৰ আলী ৷
চিৰাঙৰ বিজনীত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী
চিৰাঙৰ বিজনীত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৷ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বিজনীৰ বাঘৰগাওঁৰ পৰা ড্ৰাগছ সহ আটক জামিৰ আলী নামৰ এজন সৰবৰাহকাৰী ৷
চিৰাঙৰ বিজনীত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী
অভিযোগ অনুসৰি বিজনীত বহু দিনৰ পূৰ্বৰে পৰাই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল ধৃত জামিৰ আলীয়ে ৷ গোপন সূত্ৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত অৱশেষত আৰক্ষীৰ জালত পৰে জামিৰ আলী ৷ আটক কৰাৰ সময়ত আৰক্ষীয়ে জামিৰ আলীৰ পৰা জব্দ কৰে ৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ নগদ ১০৯০ টকা আৰু ১টা মোবাইল ফোন ৷
লগতে পঢ়ক: লখিমপুৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক পদ্মেশ্বৰ গগৈ