অসম

assam

ETV Bharat / state

আৰক্ষীৰ অভিযানত আটক চিৰাঙত ড্ৰাগছ ব্যৱসায়ীক - Durgs

চিৰাঙ জিলাৰ বিজনীত আৰক্ষীয়ে গোপন অভিযান চলায় এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে । আটক কৰা ড্ৰাগছ ব্যৱসায়ী জনৰ নাম সহিদ আলি বুলি জানিব পৰা গৈছে ।

DRUG PEDDLER ARRESTED BY CHIRANG POLICE
DRUG PEDDLER ARRESTED BY CHIRANG POLICE

By

Published : Jul 1, 2020, 10:07 PM IST

চিৰাঙ, ১ জুলাই :চিৰাঙ জিলাৰ বিজনীত আৰক্ষীয়ে গোপন অভিযান চলায় এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে । আটক কৰা ড্ৰাগছ ব্যৱসায়ী জনৰ নাম সহিদ আলি বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ অভিযানত চিৰাঙত ড্ৰাগছ ব্যৱসায়ীক আটক

বিজনীৰ শীতলা মন্দিৰৰ নিকটৱৰ্তী ৰাতিৰাম ৰোডত এক গোপন তথ্যৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাই অভিযান চলাই হাতে-লোতে ড্ৰাগছ সহ আটক কৰে যুৱক জনক ।

আৰক্ষীৰ অভিযানত চিৰাঙত ড্ৰাগছ ব্যৱসায়ীক আটক

আৰক্ষীয়ে যুৱক জনৰ পৰা এটা ড্ৰাগছ ভৰ্তি চাধাৰ টেমা আৰু এটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ অভিযানত চিৰাঙত ড্ৰাগছ ব্যৱসায়ীক আটক

উল্লেখযোগ্য যে, শেহতীয়াকৈ চিৰাং জিলাৰ বিজনীত আৰক্ষীয়ে এজনৰ পিচত এজনকৈ ড্ৰাগছ ব‍্যৱসায়ী গ্ৰেপ্তাৰ কৰি থকাৰ পিচতো মূল ড্ৰাগছ ব‍্যৱসায়ী জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । এই ড্ৰাগছৰ ব‍্যৱসায়ৰ আঁৰত কোন জড়িত হৈ আছে সেয়া ৰহস‍্যজনক হৈ আছে ।

লগতে পঢ়ক : বানাক্ৰান্তৰ বুজ ল'লে বিধায়ক শ্বেৰমান আলী আহমেদে

ABOUT THE AUTHOR

...view details