চিৰাং , 3 অক্টোবৰঃ মঙলবাৰে পুৱাৰে পৰা সমগ্ৰ অসমৰ লগতে চিৰাং জিলাতো পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি পালন কৰে ৷ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ চাকৰি সুনিশ্চিত কৰাৰ লগতে চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত কৰা পালন কৰা এই কৰ্মবিৰতিয়ে বুধবাৰে দুটা দিন সম্পূৰ্ণ কৰে ৷
তৃতীয় দিনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কৰ্মচাৰীৰ প্ৰতিবাদ - কৰ্মবিৰতি পালন পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ
ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ চাকৰি সুনিশ্চিত কৰাৰ লগতে চাকৰি নিয়মীয়াকৰণ কৰা আৰু চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰী সকলৰ সম হাৰত দৰমহা দিয়াৰ দাবীত ৰাজ্যজুৰি তিনি দিনীয়া কৰ্মবিৰতি পালন পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ ৷ ১৪/১৫ বছৰৰ পৰা দিনে নিশাই কাম কৰি অত্যন্ত নিম্নতম দৰমহা লাভ কৰি আছে এই সকল কৰ্মচাৰীয়ে ৷

ইয়াৰোপৰিওচাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰী সকলৰ সমহাৰত দৰমহা দিয়া তথা নিয়মীয়া কৰ্মচাৰীৰ দৰে সকলো সা-সুবিধা দিয়াৰ দাবীত তিনি দিনৰ বাবে কৰ্মবিৰতি পালন কৰিছে ১৩৮ জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে ৷ উল্লেখযোগ্য যে বিগত ১৪/১৫ বছৰৰ পৰা দিনে নিশাই কাম কৰিয়ো অত্যন্ত নিম্নতম দৰমহা লাভ কৰি আছে এই সকল কৰ্মচাৰীয়ে ৷ ইপিনে কাছাৰ জিলাতো পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে অনুৰূপ দাবীৰে পালন কৰা কৰ্মবিৰতিয়ে আজি 3 দিন অতিক্ৰম কৰিছে ৷
লগতে পঢ়কঃ পবিতৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
TAGGED:
ঠিকাভিত্তিক কৰ্মচাৰী