চিৰাং, 4 অক্টোবৰ : দেওবাৰে চিৰাং জিলাৰ মোজাবাৰীৰ অন্তৰ্গত অজনজাতি লোকৰ দ্বাৰা অবৈধভাৱে দখল হৈ থকা জনজাতীয় খণ্ড আৰু বেষ্টনী অঞ্চল পৰিদৰ্শন কৰে অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিধায়ক ডাঃ নোমল মোমিন(Numal Momin)য়ে ৷ বিভিন্ন দল-সংগঠন আৰু স্থানীয় লোকক লগত লৈ বেদখল হৈ থকা চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত মোজাবাৰী জনজাতি খণ্ড আৰু বেষ্টনী অঞ্চল পৰিদৰ্শন কৰে উপাধ্যক্ষগৰাকীয়ে ।
বেদখলকৃত অঞ্চল পৰিদৰ্শন কৰি উপাধ্যক্ষ ডাঃ নোমল মমিনে সংবাদ মাধ্যমৰ আগত কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই যোৱাতো বাজেট অধিৱেশনত ঘোষণা কৰিছিল যে, বেদখলকাৰীৰ অধীনত থকা খিলঞ্জীয়া জনজাতিৰ ঐতিহ্য-সংস্কৃতি সংৰক্ষণৰ বাবে বিভাগৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নেতৃত্বত পৰিদৰ্শন কৰি থকা হৈছে ।
অসমৰ বৰাক উপত্যকাৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং, ডিমা হাছাও, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাঙৰ লগতে অন্যান্য জিলাসমূহ ইতিমধ্যে ভ্ৰমণ কৰা হৈছে । তাৰ লগত সংগতি ৰাখি বিভিন্ন দল-সংগঠনৰ অভিযোগৰ ভিত্তিত দেওবাৰে চিৰাং জিলাৰ এই চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত মোজাবাৰীৰ বেদখল হৈ থকা জনজাতি খণ্ড আৰু বেষ্টনী অঞ্চল পৰিদৰ্শন কৰা হয় ।
স্থানীয় জনসাধাৰণৰ পৰা অবৈধভাৱে বেদখল কৰা সন্দৰ্ভত অভিযোগ লাভ কৰা হৈছে । এই সন্দৰ্ভত চৰকাৰলৈ পৰামৰ্শ আগবঢ়োৱা বুলি জানিব পৰা গৈছে । সকলো জনজাতীয় খণ্ড আৰু বেষ্টনী বেদখল মুক্ত কৰা হ’ব বুলিও কয় উপাধ্যক্ষগৰাকীয়ে । বেদখলমুক্ত কৰিবলৈ যাওতে সংস্থাপন দিয়া হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত উপাধ্যক্ষগৰাকীয়ে কয় যে, চোৰক ধৰি ঘৰত খাবলৈ আছে নে নাই বুলি প্ৰশ্ন সোধা হয় নেকি? অৰ্থাৎ ট্ৰাইবেল বেল্ট ব্লক অঞ্চলৰ পৰা উচ্ছেদ হ’লে কোনোপধ্যেই সংস্থাপন দিয়া নহয় বুলিও আওপকীয়াকৈ মন্তব্য কৰে উপাধ্যক্ষ মোমিনে ৷