চিৰাং, 8 চেপ্তেম্বৰঃ ভাৰত ৰত্ন বঁটাৰে বিভূষিত ড0 ভূপেন হাজৰিকাই অসমীয়া গীত-কথা সৃষ্টিৰে বিশ্বৰ বুকুত এজন গণশিল্পী হোৱাই অসমীয়া জাতিক জগত সভালৈ নিছে ৷ এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড0 পৰমানন্দ ৰাজবংশীৰ ৷ দেওবাৰে বঙাইগাঁও তুলুঙীয়াস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত অসম সাহিত্য সভাই পালন কৰে সুধাকন্ঠ ড0 ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্ম দিৱস ৷ অনুষ্ঠানত সভাপতিৰ আসন গ্ৰহণ কৰে ড0 পৰমানন্দ ৰাজবংশীয়ে ৷ বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত, কাকৈজান শাখা সাহিত্য সভা আৰু পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ সহযোগত আয়োজিত হয় সুধাকন্ঠৰ 93 সংখ্যক জন্মজয়ন্তী ৷ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই উদেশ্যে ব্যাখ্যা কৰা সভাৰ উদ্বোধনী ভাষণত অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 সদানন্দ নাথে সুধাকন্ঠলৈ শ্ৰদ্ধা জনাই সুধাকন্ঠৰ জীৱনৰ ওপৰত আলোকপাত কৰে ৷
তুলুঙীয়াত সুধাকন্ঠৰ জন্মজয়ন্তী - paramanand rajbanshi
বঙাইগাঁৱৰ তুলুঙীয়াত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সুধাকন্ঠৰ ওপজা দিন উদযাপন । অসমীয়া গীতত জগত জিনি সুধাকন্ঠই ভাৰত ৰত্ন লাভ কৰা বুলি মন্তব্য অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী ।

সভাৰ মুখ্য অতিথি কলকাতাৰ বিশিষ্ট সাহিত্যিক, কেইবাখনো মূল্যৱান অসমীয়া ভাষাৰ গ্ৰন্থ বঙালী ভাষালৈ অনুবাদ কৰি খ্যাতি অৰ্জন কৰা শক্তিময় দাসে তেওঁৰ ভাষণত ড0 ভূপেন হাজৰিকাৰ সৈতে লাভ কৰা সান্নিধ্যৰ কথা উল্লেখ কৰে ৷ তেওঁ কয়, ভূপেন হাজৰিকাই অকল অসমীয়া গানতে সীমাৱদ্ধতা নাথাকি বাংলা, হিন্দী আৰু ইংৰাজী ভাষাৰ উপৰিও অন্য ভাষাতো গানৰ সৃষ্টি কৰি সমাজৰ সকলো শ্ৰেণীৰ বাবে গানেৰে সংস্কাৰ কৰা চেষ্টা কৰিছিল বুলি প্ৰকাশ কৰে ৷ অনুষ্ঠানত কোঁচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড0 দ্বিজেন্দ্ৰ ভকতেও সুধাকন্ঠৰ ওপৰত আলোকপাত কৰে ৷
আনহাতে, পৰমানন্দ ৰাজবংশীয়ে ভাৰতৰত্ন লোকপ্ৰিয় বৰদলৈৰ নামত বৰঝাৰ বিমান বন্দৰ কেন্দ্ৰীয় চৰকাৰে উচৰ্গা কৰাৰ দৰে উত্তৰ-পূৱত সুধাকন্ঠক ভাৰত ৰত্ন হিচাপে তেওঁৰ নামত তেনেদৰে উল্লেখ যোগ্য স্থানত নাম দিবলৈ দাবী জনাই ৷ অসম সাহিত্য সভাই এইবেলি সুধাকন্ঠৰ স্মৃতি দিৱস বাংলাদেশত তিনিদিনীয়া কৈ উদযাপন কৰিব বুলি উল্লেখ কৰাৰ লগতে মামণি ৰয়চম গোস্বামীৰ স্মৃতিত অচিৰেই ৰাষ্ট্ৰীয় বঁটা ঘোষণাৰ কথা উল্লেখ কৰে ৷