অসম

assam

ETV Bharat / state

নাই চিকিৎসক ,বন্ধ ফাৰ্মাচী : হাহাকাৰ ৰোগীৰ - অসমৰ খবৰ

শনিবাৰে পুৱা ১১.৩০ বজালৈ চিকিৎসালয় খনত নাছিল পানী । যাৰ ফলত ৰোগী সকলে পানীৰ অভাৱত যমৰ জাতনা ভূগিব লগীয়া হৈছিল । অৱশ্যে দুপৰীয়াৰ ভাগত পানী পায় যদিও চিকিৎসক নাই, ফাৰ্মাচিষ্ট নাই ।

ETV BHARAT

By

Published : May 25, 2019, 8:45 PM IST

চিৰাং , 25 মে' :চিৰাং জিলা সদৰ কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত চিকিৎসক বিছাৰি হাবাথুৰি ৰোগীৰ ৷ আনহাতে বন্ধ হৈ আছে চিকিৎসালয়খনত থকা চৰকাৰী ফাৰ্মাচিখনো । ইয়াৰোপৰি চৰকাৰী চিকিৎসালয় সমূহত সামান্য অনুদান দি ৰোগী সকলে যি পঞ্জীয়ন কৰিব লাগে সেয়াও বন্ধ থাকে শনিবাৰে । মুঠতে ৰোগীৰ হাহাকাৰ অৱস্থা । শনিবাৰে পুৱা ১১.৩০ বজালৈ চিকিৎসালয়খনত নাছিল পানী । যাৰ ফলত ৰোগী সকলে পানীৰ অভাৱত যমৰ জাতনা ভূগিব লগীয়া হৈছিল । অৱশ্যে দুপৰীয়াৰ ভাগত পানী পায় যদিও উপস্থিত নাছিল চিকিৎসক তথা ফাৰ্মাচিষ্ট ৷

নাই চিকিৎসক ,বন্ধ ফাৰ্মাচী : হাহাকাৰ ৰোগীৰ

এইখিনিতে উল্লেখ কৰিব লাগিব যে , যোৱা ২১ মেত চিকিৎসালয়খন ভ্ৰমণ কৰিছিল অসমৰ স্বাস্থ্যমন্ত্ৰী পীযুশ হাজৰিকা সহ বহু কেইজন বিষয়া নেতা-মন্ত্ৰীয়ে । কিন্তু চিকিৎসালয় খনৰ অৱস্থাৰ উন্নতি হোৱাৰ সলনি অধিক শোচনীয় হোৱাহে পৰিলক্ষিত হল ।

ABOUT THE AUTHOR

...view details